অসম

assam

ETV Bharat / bharat

কুম্ভ মেলাত ক'ভিড পৰীক্ষা: তদন্ত কৰিব SITই - কুম্ভ মেলা

হৰিদ্বাৰত মহাকুম্ভ মেলাত ভুৱা ক'ভিড পৰীক্ষা(COVID TEST) সম্পন্ন হোৱাৰ অভিযোগ উত্থাপিত হৈছে । এই বিষয়ৰ তদন্তৰ বাবে গঠন কৰা হৈছে এটা বিশেষ তদন্তকাৰী দল । যোৱা ১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈছিল মহাকুম্ভ মেলা আৰু এই মেলাত অংশ লোৱা বহু ভক্তৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

SIT will probe fake Covid test case during Kumbh Mela
কুম্ভ মেলাত হোৱা ক'ভিড পৰীক্ষা সন্দৰ্ভত তদন্ত কৰিব SITই

By

Published : Jun 19, 2021, 1:04 PM IST

নেশ্যনেল ডেস্ক, ১৯ জুন: হৰিদ্বাৰত কুম্ভ মেলা(KUMBH MELA)ৰ সময়ত ভুৱা ক'ভিড পৰীক্ষা কৰা হৈছিল বুলি উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত তদন্ত কৰাৰ বাবে উত্তৰাখণ্ড আৰক্ষীয়ে এটা বিশেষ তদন্তকাৰী দল গঠন কৰিছে । উত্তৰাখণ্ডত যোৱা ১ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ কুম্ভ মেলা অনুষ্ঠিত হৈছিল । হৰিদ্বাৰ, ডেৰাডুন আৰু তেহৰি জিলাৰ বিভিন্ন স্থানত দেশৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটিছিল ।

ইতিমধ্যে কুম্ভ মেলাৰ সময়ত হোৱা ক'ভিড পৰীক্ষা সন্দৰ্ভত মেক্স কৰ্প'ৰেট সেৱা আৰু ব্যক্তিগত পৰীক্ষাগাৰ ড০ লালচান্দনী পৰীক্ষাগাৰ আৰু নলৱা পৰীক্ষাগাৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে । ইয়াৰ পিছতে শুকুৰবাৰে হৰিদ্বাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক চেন্থিল আভোদাই কৃষ্ণ ৰাজে বিশেষ তদন্তকাৰী দল(SIT) গঠন কৰে । মেক্স কৰ্প'ৰেট সেৱা আৰু আন দুটা পৰীক্ষাগাৰৰ বিৰুদ্ধে মহামাৰী আইন, দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ভাৰতীয় দণ্ডবিধিৰ 120(B) আৰু 420 নং ধাৰা(প্ৰৱঞ্চনা)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

আনহাতে, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে শুকুৰবাৰে অভিযোগ উত্থাপন কৰিছিল যে, হৰিদ্বাৰত কুম্ভ মেলাৰ সময়ত হোৱা ক'ভিড পৰীক্ষা ভুৱা আছিল । এই বিষয়ত ন্যায়িক তদন্তৰ নিৰ্দেশ দিবলৈ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটক তেওঁ আহ্বান জনাব বুলিও কৈছিল ।

অৱশ্যে এই সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ মাজত বাকযুদ্ধ অব্যাহত আছে । এজনে আনজনক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, যোৱা ১ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ হৰিদ্বাৰত মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল । কৰ'ণাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল কুম্ভ মেলাতো । মেলাত অংশ লোৱা বহু ভক্ত আৰু সাধু কৰ’ণা মহামাৰীৰ কবলত পৰিছিল ।

শ্ৰী পঞ্চ নিৰ্বাণী আখৰাৰ মহামণ্ডলেশ্বৰ কপিল দেৱ দাসে কৰ'ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিল । সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কুম্ভ মেলা প্ৰতিকী ৰূপত অনুষ্ঠিত কৰিবলৈ টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনাইছিল ৷

আচাৰ্য মহামণ্ডলেশ্বৰ পূজ্য স্বামী অৱধেশানন্দ গিৰিৰ সৈতেও তেওঁ ফোনযোগে বাৰ্তালাপ কৰিছিল ৷ সন্তসকলেও এই ক্ষেত্ৰত প্ৰশাসনক সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছিল ৷ পিছত প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰতিকী ৰূপত কুম্ভমেলা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে জুনা আখাৰাৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নাৰায়ণ গিৰি মহাৰাজে । মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক:‘উড়ন্ত শিখ’ মিলখা সিঙৰ জীৱনৰ দৌৰ

ABOUT THE AUTHOR

...view details