নেশ্যনেল ডেস্ক, 12 জানুৱাৰী :বিগত বৰ্ষৰ শেষৰটো মাহ ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাত সেনাৰ আক্ৰমণত নিহত হৈছিল ১৪ গৰাকী সাধাৰণ লোক ৷ এই গণহত্যাৰ তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল এখন উচ্চস্তৰীয় কমিটি ৷ এই কমিটিৰ বিশেষ অনুসন্ধানকাৰী দলে নিৰ্ধাৰিত সময়ৰ চাৰি দিন পিছত অৰ্থাৎ বিগত ৯ জানুৱাৰীত নাগালেণ্ড চৰকাৰক ইয়াৰ প্ৰাথমিক প্ৰতিবেদন দাখিল কৰে (SIT submits report on Nagaland civilian killing) ।
ইয়াৰ পিছতে, কেইবাটাও স্থানীয় সামাজিক আৰু ছাত্ৰ সংগঠনে এই প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰে । বিষয় সন্দৰ্ভত গ্ল’বেল নাগা ফ'ৰাম (জিএনএফ) ৰ আহ্বায়ক চুবা ওজুকুমে বিষয়টোৰ প্ৰকৃত সত্যাসত্য জনাৰ উদ্দেশ্যে এছআইটিৰ প্ৰতিবেদনখন ৰাজহুৱা কৰা উচিত বুলি মন্তব্য কৰে ৷
অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ এক প্ৰভাৱশালী সংস্থা নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যনেও প্ৰতিবেদনখন ৰাজহুৱা কৰা উচিত বুলি দাবী কৰে ৷ ইয়াৰ লগতে কন্যাক জনজাতিৰ এটা ডিমাপুৰভিত্তিক সংগঠনেও একেটা দাবীয়ে উত্থাপন কৰে ।