নেশ্যনেল ডেস্ক, ১৭ নৱেম্বৰ: ২০২২ চনৰ মে' মাহৰ ভিতৰত ১৯৮৪ৰ শিখ বিৰোধী ৰায়ত(Anti-Sikh riots of 1984)ৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বিশেষ তদন্তকাৰী দলে(Special investigation team) । নতুনকৈ সময়সীমা নিৰ্ধাৰণ কৰি দিলে উত্তৰ প্ৰদেশ চৰকাৰে(Uttar Pradesh government) । তদন্তৰ দায়িত্বত থকা বিশেষ তদন্তকাৰী দলৰ কাৰ্যকাল সম্প্ৰতি ৬ মাহলৈ বৃদ্ধি কৰা হৈছে । জানিব পৰা মতে, তদন্ত প্ৰক্ৰিয়া প্ৰায় শেষ পৰ্যায় পইছেহি ।
চৰকাৰী নথি-পত্ৰৰ কাম সম্পূৰ্ণ নোহোৱা বাবে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই । ১৯৮৪ চনৰ ৩১ অক্টোবৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী(Indira Gandhi)ৰ হত্যাৰ পিছত উত্তৰ প্ৰদেশৰ কানপুৰত শিখ বিৰোধী ৰায়তত ১২৭ জন লোক নিহত হৈছিল । কিন্তু পৰ্যাপ্ত প্ৰমাণ আৰু সাক্ষীৰ অভাৱৰ বাবে এই ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল প্ৰশাসনে । উত্তৰ প্ৰদেশ চৰকাৰে ২০১৯ চনত এই ৰায়তৰ তদন্তৰ দায়িত্ব বিশেষ তদন্তকাৰী দলক অৰ্পণ কৰিছিল ।
বিশেষ তদন্তকাৰী দলে ৮০ জনতকৈও অধিক অভিযুক্তক চিনাক্ত কৰিছে । প্ৰমাণীকৰণৰ পিছত, দেখা গৈছিল যে, মাত্ৰ ৬৬ জন অভিযুক্তহে জীৱিত অৱস্থাত আছে । বিশেষ তদন্তকাৰী দলৰ আৰক্ষী অধীক্ষক বালেন্দু ভূষণ সিঙে( Balendu Bhushan Singh) জনোৱা মতে, এজন বা দুজনৰ সাক্ষ্য ল'বলৈ বাকী আছে ।