নেশ্যনেল ডেস্ক,22 ডিচেম্বৰ:অৱশেষত চিবিআই আদালতে মঙলবাৰে এগৰাকী ধৰ্মগুৰু আৰু এগৰাকী নানক 1992 চনত 21 বৰ্ষীয় চিষ্টাৰ অভয়াৰ হত্যাকাণ্ডত দোষী সাব্যস্ত কৰে ৷ চিবিআইৰ বিশেষ আদালতৰ জে. সনল কুমাৰৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে ৷ কাৰাবাসৰ সময়সীমা বুধবাৰে ঘোষণা কৰা হ’ব ৷
সম্প্ৰতি এই ঘটনাৰ অভিযুক্ত ফাদাৰ থমাছ কট্টোৰ আৰু চিষ্টাৰ ছেফীক ন্যায়িক জিম্মাত ৰখা হৈছে ৷ আনহাতে ঘটনাৰ আন এগৰাকী অভিযুক্ত ফাদাৰ পোথৰাকায়ালক উপযুক্ত তথ্যৰ অভাৱত জামিন প্ৰদান কৰা হয় ৷
হত্যাকাণ্ড সংঘটিত হোৱাৰ 28 বছৰৰ পিছত অৱশেষত অভিযুক্তৰ বিৰুদ্ধে প্ৰদান কৰা হ’ল চূড়ান্ত ৰায়দান ৷ আনহাতে, নিজ কন্যাৰ হত্যাৰ ৰায়দানৰ অপেক্ষাত থকা চিষ্টাৰ অভয়াৰ মাতৃ-পিতৃয়ে কিছুবছৰ পূৰ্বে মৃ্ত্যু বৰণ কৰে ৷
2008 বৰ্ষত এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পন কৰা হৈছিল চিবিআইক ৷ প্ৰছিকিউছনৰ মন্তব্য অনুসৰি, তিনিওগৰাকী অভিযুক্ত কিছু অনৈতিক কাৰ্যত লিপ্ত হৈ থকাৰ ঘটনাৰ সাক্ষী হোৱাৰ বাবেই কুঠাৰৰ নালেৰে কোবাই হত্যা কৰা হৈছিল অভয়াক ৷
হত্যাকাণ্ডৰ এক তুলনামূলক আভাষঃ
1992 চনৰ 27 মাৰ্চঃ চেইন্ট পিয়ুচ কনভেন্টৰ নাদত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হয় চিষ্টাৰ অভয়াৰ মৃতদেহ ৷
1992, 14 এপ্ৰিলঃ 17 দিনৰ অনুসন্ধানৰ অন্তত স্থানীয় আৰক্ষীয় ঘটনাৰ তদন্ত চিবিআইৰ হাতত অৰ্পন কৰে ৷
1993,29 মাৰ্চঃ অপৰাধ অনুসন্ধান শাখাই অনুসন্ধানৰ অন্তত এইয়া হত্যাকাণ্ড বুলি কোট্টায়ামৰ RDO আদালতত তথ্য দাখিল কৰি তদন্ত সামৰে ৷
1993,29 মাৰ্চঃ অভয়া একচন কাউঞ্চিলৰ আবেদনৰ ভিত্তিত চিবিআইক পুনৰ অনুসন্ধানৰ দায়িত্ব অৰ্পন কৰে উচ্চ ন্যায়ালয়ে ৷
1996,6 ডিচেম্বৰঃ চিবিআইয়ে ঘটনাটো লিপিবদ্ধ কৰাৰ বাবে এৰনাকুল্লমা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আবেদন জনায় ৷
1997,20 মাৰ্চঃ এৰনাকুল্লাম মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ঘটনাৰ পৰৱৰ্তী তদন্তৰ নিৰ্দেশ প্ৰদান কৰে ৷
1999, 12 জুলাইঃ চিবিআইয়ে জনায় যে চিষ্টাৰ অভয়াক হত্যা কৰা হৈছিল এইয়া আত্মহত্যাৰ ঘটনা নহয় ৷