নেশ্যনেল ডেস্ক,৮ মে':আদালতৰ মজিয়াত পুনৰ মুখ থেকেচা খালে দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই । ইডিৰ ধন আত্মসাৎ গোচৰত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মাৰ দিন বৃদ্ধি কৰিলে দিল্লীৰ এখন আদালতে (Court extends judicial custody of Sisodia)। আদালতে সোমবাৰে তেওঁৰ ন্যায়িক জিম্মা ২৩ মে'লৈ বৃদ্ধি কৰে । চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালে তেওঁৰ ন্যায়িক জিম্মা বৃদ্ধি কৰাৰ নিৰ্দেশ জাৰি কৰে ।
দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলৰ কঠোৰ নিৰাপত্তাৰ মাজেৰে চিছোদিয়াক আদালতত হাজিৰ কৰোৱা হয় (Manish Sisodia in court)। আবেলি প্ৰায় ২.২০ বজাত ন্যায়াধীশে আদালতৰ প্ৰক্ৰিয়া আৰম্ভ কৰে । সেই সময়ত চিছোদিয়াকো আদালতৰ ভিতৰত তেওঁৰ অধিবক্তাৰ সৈতে ১০ মিনিটৰ বাবে কথা পাতিবলৈ অনুমতি দিয়া হয় ।
চিছোদিয়াই তেওঁৰ পত্নীৰ অসুস্থতাৰ কথা উল্লেখ কৰি ইডি গোচৰত অন্তৱৰ্তীকালীন জামিন বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে (Sisodia moves Delhi HC seeking interim bail)। তাৰ ওপৰত আদালতে ইডিৰ পৰা সঁহাৰি বিচাৰিছে ।