অসম

assam

ETV Bharat / bharat

Money Laundering case: ED ৰ মানী লণ্ডাৰিং গোচৰত চিছোদিয়াৰ ন্যায়িক জিম্মা 8 মে’লৈ বৃদ্ধি - ৰাউজ এভিনিউ আদালত

ধন ৰপ্তানিৰ গোচৰত চিছোদিয়াৰ ন্যায়িক জিম্মা ৮ মে’লৈ বৃদ্ধি কৰা হৈছে (sisodia judicial custody extended till may 8)৷ চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালে চিছোদিয়াৰ ন্যায়িক জিম্মা বৃদ্ধি কৰাৰ নিৰ্দেশনা জাৰি কৰে(Delhi court Manish sisodiya judicial custody ed case) ।

sisodia-judicial-custody-extended-till-may-8-in-laundering-case-registered-by-ed
ED ৰ মানী লণ্ডাৰিং গোচৰত চিছোদিয়াৰ ন্যায়িক জিম্মা 8 মে’লৈ বৃদ্ধি

By

Published : Apr 29, 2023, 9:33 PM IST

নেশ্যনেল ডেস্ক, 29 এপ্ৰিল : ইটোৰ পিচত সিটো বিপদে লগ এৰা নাই (Delhi liquor scam) দিল্লী সুৰা কেলেংকাৰীৰ অভিযুক্ত প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ৷ প্ৰৱৰ্তন সঞ্চালকালয় (ED) ইডিয়ে দাখিল কৰা ধন ৰপ্তানিৰ গোচৰত চিছোদিয়াৰ ন্যায়িক জিম্মা ৮ মে’লৈ বৃদ্ধি কৰা হৈছে (sisodia judicial custody extended till may 8)৷

শনিবাৰে দুপৰীয়া 2 বজাত চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালে চিছোদিয়াৰ ন্যায়িক জিম্মা বৃদ্ধি কৰাৰ নিৰ্দেশনা জাৰি কৰে (Delhi court Manish sisodiya judicial custody ed case) । দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানে কঠোৰ নিৰাপত্তাৰ মাজেৰে চিছোদিয়া আদালতত উপস্থিত কৰায় (Manish Sisodia in Delhi liquor scam) ৷

শুকুৰবাৰে ৰাউজ এভিনিউ আদালতে (Rouse Avenue Court ) ইডিয়ে দাখিল কৰা মানি লণ্ডাৰিং গোচৰত চিছোদিয়াৰ জামিন আবেদন নাকচ কৰে (Delhi liquor policy scam)। ইয়াৰ পূৰ্বে আদালতে ২৬ এপ্ৰিলত জামিন আবেদনৰ ওপৰত ৰায় ঘোষণা কৰিব লাগিছিল যদিও ন্যায়াধীশে ৰায় ঘোষণাৰ বাবে ২৮ এপ্ৰিলক আগতীয়া তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছিল (Manish Sisodia arrested by CBI and ED)।

চিছোদিয়াক বৰ্তমান ২৯ এপ্ৰিললৈকে ইডি গোচৰত ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে (laundering case registered by ED) ৷ এতিয়া, জামিনৰ আবেদন নাকচ হোৱাৰ পিচত আদালতে শনিবাৰে ইডি গোচৰত চিছোদিয়াৰ ন্যায়িক জিম্মাৰ দিন পুনৰ বৃদ্ধি কৰিছে ।

চিবিআইৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে চিছোদিয়াৰ জামিন আবেদনৰ বিৰোধিতা কৰি চিছোদিয়া আবকাৰী নীতি কেলেংকাৰীত জড়িত থকাৰ কেইবাটাও প্ৰমাণ দাখিল কৰে ৷ তেওঁ লগতে কয় যে, যদি চিছোদিয়াক জামিন দিয়া হয়, তেন্তে এই গোচৰটোৰ সাক্ষী আৰু প্ৰমাণৰ সৈতে খেলিমেলি হোৱাৰ সম্ভাৱনা আধিক ৷

তাৎপৰ্যপূৰ্ণভাৱে, ২০২১-২০২২ বৰ্ষত দিল্লীৰ নতুন আবকাৰী নীতি প্ৰস্তুত কৰাৰ সময়ত সুৰা ব্যৱসায়ীসকল লাভান্বিত হৈছিল । এই সময়ছোৱাত, সুৰা বিক্ৰীৰ ওপৰত সুৰা ব্যৱসায়ীসকলে প্ৰাপ্ত কৰা আয়োগ 5 শতাংশৰ পৰা 12 শতাংশলৈ বৃদ্ধি কৰা হৈছিল ।

লগতে পঢ়ক:Protest against WFI chief : পদত্যাগ নকৰাৰ ঘোষণা ব্ৰীজ ভূষণ শৰণ সিঙৰ

যাৰ ফলত চৰকাৰী কোষাগাৰৰ কেইবা কোটি টকাৰ লোকচান হৈছিল । ইয়াৰ বিনিময়ত, আপ নেতাসকলে 90-100 কোটি টকা লোৱা বুলি অভিযোগ উত্থাপিত হৈছিল । এই ধন নিষ্পত্তি কৰাৰ বাবে মানী লণ্ডাৰিঙো কৰা হৈছিল, যাৰ ওপৰত ভিত্তি কৰি ইডিয়েও এটা গোচৰ ৰুজু কৰিছে । আনহাতে এই সন্দৰ্ভত চিবিআইয়ে দুৰ্নীতিৰ এটা গোচৰ ৰুজু কৰিছিল ।

ABOUT THE AUTHOR

...view details