আগৰতলা,২ জুন :সমাগত ত্ৰিপুৰাৰ উপ-নিৰ্বাচন (Tripura by poll 2022)। প্ৰতিটো দলেই ৪ টাকৈ সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে । ইয়াৰ মাজতে প্ৰশাসনে এক বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে । বিভিন্ন ধৰণৰ নিৰ্বাচনী সভা, সমদল আদিৰ অনুমতিৰ ক্ষেত্ৰত প্ৰশাসনে ছিংগল ইউণ্ড' ব্যৱস্থা বা একক অনুমতি ব্যৱস্থা স্থাপন কৰিব (Single window system in RO office of Tripura)।
সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত স্থাপন কৰা হ'ব একোটাকৈ একক অনুমতি কোষ (Single Permission Cell will set up in Tripura)। অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া ইউ জে চাকমাই এই সন্দৰ্ভত কয় যে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ছোৱাত ৰাজহুৱা সভা, ৰেলী, শোভাযাত্ৰা, লাউডস্পীকাৰ, বাহন আদিৰ ব্যৱহাৰৰ বাবে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলক অনুমতি প্ৰদান কৰাৰ বাবে ৰাজ্যখনৰ চাৰিটা বিধানসভা সমষ্টিৰ সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত এই ব্যৱস্থা স্থাপন কৰা হ'ব ।