অসম

assam

ETV Bharat / bharat

ছিংগাপুৰে নিয়োগ কৰিব ১৮০ গৰাকী ভাৰতীয় চিকিৎসকক - Singapore hires doctors

ভাৰতৰ চিকিৎসা ক্ষেত্ৰৰ বাবে সুখবৰ । ভাৰতৰ কনিষ্ঠ চিকিৎসকে নিযুক্তি পাব ছিংগাপুৰত (Singapore hires doctors from India)। অহা তিনি বছৰত ১৮০ গৰাকী চিকিৎসকক ছিংগাপুৰে নিয়োগ কৰিব ।

Singapore
ছিংগাপুৰে নিয়োগ কৰিব ১৮০ গৰাকী ভাৰতীয় চিকিৎসকক

By

Published : Oct 4, 2022, 11:59 AM IST

নেশ্যনেল ডেস্ক,৪ অক্টোবৰ :ছিংগাপুৰে অহা তিনি বছৰত ভাৰতৰ পৰা ১৮০ গৰাকী কনিষ্ঠ চিকিৎসক নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে (Singapore plans to hire 180 doctors from India)। ১০ অক্টোবৰত বন্ধ হ'বলগীয়া এখন নিবিদা অনুসৰি ২০২২ চনৰ পৰা ২০২৪ চনলৈ বাৰ্ষিক ৬০ গৰাকী চিকিৎসা বিষয়া নিয়োগ কৰাৰ লক্ষ্য আগত ৰাখিছে ছিংগাপুৰে । এই পৰিকল্পনা ২০২৫ চনলৈ বৃদ্ধি কৰাৰো সম্ভাৱনা আছে ।

ছিংগাপুৰৰ ৰাজহুৱা স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ কোম্পানী এম.ও.এইচ. হোল্ডিংছে (MOHH) কয় যে ছিংগাপুৰত কামৰ বোজা হ্ৰাস কৰিবলৈ আৰু স্বাস্থ্যসেৱা ক্ষমতাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বিদেশৰ পৰা তেওঁলোকে চিকিৎসক নিয়োগ কৰি আহিছে । নিবিদাটো সন্দৰ্ভত প্ৰতিষ্ঠানটোৱে কয় যে কেৱল ভাৰতৰ পৰাই নহয়, অষ্ট্ৰেলিয়া আৰু ব্ৰিটেইনৰ পৰাও চিকিৎসক নিয়োগ কৰি থকা হৈছে (Singapore hires doctors from other countries)।

কোম্পানীটোৱে কয় যে তেওঁলোকে চিকিৎসা পঞ্জীয়ন আইনত তালিকাভুক্ত চিকিৎসা প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰাৰ্থীহে তেওঁলোকে বিচাৰি আছে (Singapore MOHH hires doctors)। আনহাতে এই চিকিৎসকসকলক কেৱল কঠোৰ তত্বাৱধানত ক্লিনিকেল অনুশীলনৰ বাবে চৰ্ত সাপেক্ষে পঞ্জীয়ন কৰোৱা হ'ব । ছিংগাপুৰ চিকিৎসা পৰিষদৰ দ্বাৰা স্বীকৃত চিকিৎসা প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা স্থানীয় লোকসকলক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব বুলিও কোম্পানীটোৱে উল্লেখ কৰে ।

অৱশ্যে কোম্পানীটোৰ এনে প্ৰক্ৰিয়াক লৈ বিভিন্নজনে সমালোচনা কৰিছে । বহুতে আকৌ ভুৱা প্ৰমাণপত্ৰৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে । ইয়াৰ পৰিৱৰ্তে ছিংগাপুৰে চিকিৎসা প্ৰতিষ্ঠানত শিক্ষাৰ্থীৰ আসন কিয় বৃদ্ধি কৰিব নোৱাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে । নিবিদাখনক লৈ ছিংগাপুৰত চিকিৎসা ব্যৱস্থাৰ ভিতৰচ'ৰাতো উদ্বেগৰ সৃষ্টি হৈছে ।

বিগত মাহৰ শেষৰ ফালে সামাজিক মাধ্যমৰ এক পোষ্টত চাও চুই হক স্কুল অৱ পাব্লিক হেল্থৰ সহযোগী অধ্যাপক জেৰেমি লিমে কৈছিল যে ছিংগাপুৰৰ দৰে উন্নত দেশসমূহে বিদেশৰ পৰা চিকিৎসাকৰ্মী নিয়োগ কৰাটো অতি উদ্বেগৰ কথা । কোম্পানীটোৱে কোৱা মতে তেওঁলোকে প্ৰতি বছৰে প্ৰায় ৭০০ কনিষ্ঠ চিকিৎসক নিয়োগ কৰে । অৱশ্যে তাৰ ভিতৰত ৯০ শতাংশ ছিংগাপুৰৰ স্থায়ী বাসিন্দা ।

লগতে পঢ়ক :ছুইডেনৰ বিজ্ঞানী শ্বাণ্টে পাবোলৈ চিকিৎসা বিজ্ঞানৰ নোবেল পুৰস্কাৰ

ABOUT THE AUTHOR

...view details