স্পৰ্টছ ডেস্ক, ২৯ জুন :মালয়েছিয়ান অপেন (Malaysia Open) বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৰ অগ্ৰগতিৰ বিপৰীতে চাইনা নেহৱালৰ যাত্ৰাৰ অন্ত পৰিছে (Indian shuttler PV Sindhu and Saina Nehwal) । ভাৰতীয় মহিলা বেডমিণ্টনৰ দুগৰাকী অন্যতম শক্তিশালী তাৰকা পি ভি সিন্ধু আৰু চাইনা নেহৱালে মালয়েছিয়া অপেন ছুপাৰ ৭৫০ টুৰ্ণামেণ্টত (Malaysia Open Super 750 tournament) প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগা হয় নিজৰ প্ৰথম ৰাউণ্ডৰ মেচতে । অৱশ্যে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত পি ভি সিন্ধুৱে বিজয় সাব্যস্ত কৰিলেও চাইনা নেহৱালে প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ল'বলগা হয় ।
পূৰ্বৰ বিশ্ব চেম্পিয়ন সিন্ধুৱে (former world champion Sindhu) সুন্দৰ প্ৰদৰ্শন আগবঢ়াই বিশ্বৰ ১০ নম্বৰ স্থানৰ খেলুৱৈ থাইলেণ্ডৰ পৰ্ণপাৱি চোচুৱংক (Thailand's world number 10 Pornpawee Chochuwong) ২১-১৩, ২১-১৭ ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয় । আনহাতে, লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ছাইনাই (London Olympics bronze medallist Saina) ৩৭ মিনিটৰ যুঁজত বিশ্বৰ ৩৩ সংখ্যক স্থানত থকা আমেৰিকান আইৰিছ ৱাঙৰ (American Iris Wang) বিৰুদ্ধে মৰণপণ যুঁজ দিয়াৰ পিছতো ১১-২১, ১৭-২১ ছেটত পৰাজয়বৰণ কৰিবলগা হয় ।