অসম

assam

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 3:43 PM IST

ETV Bharat / bharat

দুৰ্ঘটনাৰ ৩৮ দিন পিছত চিল্কয়াৰা সুৰংগ নিৰ্মাণ পুনৰ আৰম্ভ

Silkyara Tunnel work started : উত্তৰকাশী সুৰংগ দুৰ্ঘটনাৰ ৩৮ দিন পিছত নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ হৈছে । এই মুহূৰ্তত পোলগাঁও বাদকোটৰ পৰা সুৰংগটোত লঘু কাম আৰম্ভ হৈছে । আশাকৰা হৈছে যে নতুন বছৰত চিল্কয়াৰা সুৰংগৰ ফালৰ পৰাও কাম আৰম্ভ হ'ব । উল্লেখ্য যে ১২ নৱেম্বৰৰ দুৰ্ঘটনাটো চিল্কয়াৰাৰ ফালে সংঘটিত হৈছিল । অৱশ্যে প্ৰকল্পটোৰ সৈতে জড়িত বিষয়াসকলে সুৰংগটোত কাম আৰম্ভ হোৱাৰ বিষয়ে একো প্ৰকাশ কৰা নাই ।

Uttarkashi Silkyara Tunnel work started
চিল্কিয়াৰা সুৰংগ নিৰ্মাণ পুনৰ আৰম্ভ

নিউজ ডেস্ক, ২০ ডিচেম্বৰ :চিল্কয়াৰা সুৰংগত শ্ৰমিকসকল আবদ্ধ হোৱাৰ ৩৮ দিন পিছত এই প্ৰকল্পটোৰ পোলগাঁও বাদকোট সুৰংগৰ ফালে শ্ৰমিকসকলৰ গতিবিধি আৰম্ভ হৈছে । অৱশ্যে এই কামে এতিয়াও গতি লাভ কৰা নাই । কিন্তু শ্ৰমিকসকলৰ গতিবিধি বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে । অনুসন্ধানৰ পিছত চিল্কয়াৰাৰ ফালৰ পৰাও কাম আৰম্ভ হ'ব বুলি আশা কৰা হৈছে ।

কিন্তু চিল্কয়াৰাৰ ফালৰ পৰা কাম কেতিয়া আৰম্ভ হ'ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই । এই সন্দৰ্ভত বৰ্তমান কোনো বিষয়াই একো ক'ব বিচৰা নাই । চিল্কয়াৰাত এতিয়াও নীৰৱতা বিৰাজ কৰি আছে । উল্লেখ্য যে বিভিন্ন সংস্থাই চিল্কয়াৰাত ১৭ দিন ধৰি আবদ্ধ হৈ থকা ১৪ জন শ্ৰমিকৰ জীৱন ৰক্ষা কৰিবলৈ দিনে-ৰাতি কাম কৰিছিল । শ্ৰমিকসকল সুৰক্ষিতভাৱে সুৰংগৰ পৰা ওলাই অহাৰ পিছত বৰ্তমান চিল্কয়াৰাত সকলো শান্ত হৈ আছে ।

উল্লেখ্য যে ১২ নৱেম্বৰৰ পুৱা ৫.৩০ বজাত দীপাৱলীৰ দিনা গহ্বৰটো খননৰ ফলত চাৰধাম অলৱেডাৰ ৰোড প্ৰকল্পৰ নিৰ্মাণৰত চিল্কিয়াৰা সুৰংগটোত বৃহৎ ভূমিস্খলন হৈছিল । যাৰ বাবে চিল্কিয়াৰাৰ পৰা সুৰংগ পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল । ৪১ জন শ্ৰমিক সুৰংগৰ ভিতৰত বন্দী হৈ পৰিছিল । শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ১৭ দিন ধৰি এক আন্তৰ্জাতিক পৰ্যায়ৰ উদ্ধাৰ অভিযান চলোৱা হৈছিল । বিশ্ববিখ্যাত টানেলিং বিশেষজ্ঞ আৰ্নল্ড ডিক্সে নিজেই উদ্ধাৰ অভিযানৰ নেতৃত্ব দিছিল ।

তেতিয়াৰে পৰা বদকোট আৰু চিল্কয়াৰা দুয়োফালৰ পৰা সুৰংগটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে । ৪.৫৩১ কিলোমিটাৰ দীঘল এই সুৰংগটোত প্ৰায় ৪৮০ মিটাৰ খনন বাকী আছে । অৱশ্যে মন্ত্ৰালয়ে গঠন কৰা বিশেষজ্ঞ তদন্ত সমিতিয়ে চাৰি দিন ধৰি সুৰংগ দুৰ্ঘটনাৰ তদন্ত কৰি দিল্লীলৈ উভতি আহিছে । দলটোৱে এতিয়া মন্ত্ৰালয়ৰ ওচৰত প্ৰাথমিক তদন্ত প্ৰতিবেদন দাখিল কৰিব । ইয়াৰ ওপৰত ভিত্তি কৰি চিল্কয়াৰা অংশৰ কাম আৰম্ভ কৰা হ'ব ।

এই ঘটনাৰ ৩৮ দিনৰ পিছত চিল্কিয়াৰা সুৰংগৰ পোলগাঁও বাদকোটৰ পৰা শ্ৰমিকসকলে কাম আৰম্ভ কৰিছে। অৱশ্যে কামৰ গতি এতিয়াও ত্বৰান্বিত হোৱা নাই আৰু লঘু কাম চলি আছে । সূত্ৰ অনুসৰি, তাত কোনো বিস্ফোৰণৰ কাম চলা নাই । কিন্তু সৰু-সুৰা কাম আৰম্ভ হৈছে । জানিব পৰা মতে, সুৰংগটো চিল্কয়াৰাৰ ফালৰ পৰা বন্ধ কৰাৰ পিছত সকলো শ্ৰমিক তাৰ পৰা গুচি যায় । এতিয়া তেওঁলোক পুনৰ কামলৈ উভতি আহিছে ।

আনহাতে, জানিব পৰা মতে, নতুন বছৰত চিল্কয়াৰাত কাম আৰম্ভ হোৱাৰ আশা আছে । কিন্তু বিষয়াসকলক কামৰ বিষয়ে সোধাত তেওঁলোকে কোনো উক্তৰ দিয়া নাই । অৱশ্যে নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন বিষয়াই কয় যে তেওঁক ভাৰত চৰকাৰে সংবাদ মাধ্যমক কোনো তথ্য নিদিবলৈ নিৰ্দেশ দিছে । তাৰবাবেই বিষয়াসকলে চিল্কয়াৰা সুৰংগৰ কাম কেতিয়া আৰম্ভ হ'ব সেই বিষয়ে একো নকয় ।

লগতে পঢ়ক :ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে নক্সালবাদীৰ সংঘৰ্ষ; কেইবাটাও নক্সালবাদীক গুলীয়াই হত্যাৰ দাবী

ABOUT THE AUTHOR

...view details