নেশ্যনেল ডেস্ক, 11 মাৰ্চ: আমেৰিকাৰ বৃহৎ বেংক প্ৰতিষ্ঠান ছিলিকন ভেলীৰ সকলো সম্পত্তি বাজেয়াপ্ত (Silicon Valley Bank turmoil) ৷ শুকুৰবাৰে ছিলিকন ভেলী বেংকৰ(SVB) সকলো সম্পত্তি বাজেয়াপ্ত কৰা হয় ৷ শেহতীয়াকৈ ভয়ংকৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছিল ষ্টাৰ্টআপ কেন্দ্ৰিক ঋণদাতা ছিলিকন ভেলী বেংক ৷ হঠাতে হোৱা এই বিত্তীয় সংকটৰ বাবে আবদ্ধ হৈ পৰে বেংকটোৰ বিনিয়োগকাৰী প্ৰতিষ্ঠান আৰু ব্যক্তিৰ কোটি কোটি ডলাৰ ৷ আমেৰিকাৰ 16 তম সৰ্ববৃহৎ বেংক আছিল ছিলিকন ভেলী (Silicon Valley Bank crisis) ৷
উল্লেখ্য যে, 2008 চনত আমেৰিকাৰ ৱাশ্বিংটন মিউছুৱেল বেংকৰ পতনৰ পাচতেই ছিলিকন ভেলীৰ পতন আমেৰিকাৰ ইতিহাসত দ্বিতীয় বৃহৎ বেংক বিফলতা হিচাবে পৰিগণিত হৈছে ৷ শুকুৰবাৰে কেলিফৰ্ণিয়াৰ বেংকিং নিয়ন্ত্ৰকে সকলো সম্পত্তি বাজেয়াপ্ত কৰি বেংকিং প্ৰতিষ্ঠানটোক বন্ধ কৰি দিয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি ছিলিকন ভেলীৰ মুখ্য কাৰ্যালয় আৰু ইয়াৰ শাখাসমূহ 13 মাৰ্চৰ পৰা পুনৰ খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷ 13 মাৰ্চৰ পৰাহে বেংকৰ জমাকৰ্তাসকলে বীমাকৃত জমাৰ সম্পূৰ্ণ প্ৰৱেশাধিকাৰ লাভ কৰিব ৷ স্বাভাৱিকতেই বেংকটোৰ পতনে বিশ্বৰ বজাৰত পেলাইছে বিৰূপ প্ৰভাৱ (Silicon Valley Bank assets seized) ৷