নেশ্যনেল ডেস্ক, ৬ এপ্ৰিল: সোমবাৰে ভূমিকম্পৰ ফলত ক্ষতিসাধন হোৱা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে বুজ লৈছে তেওঁ । কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই জানিবলৈ দিছে এই কথা ।
প্ৰধানমন্ত্ৰী মোডীয়ে ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ছিকিমৰ মুখ্যমন্ত্ৰী পি এছ তামাঙৰ সৈতে এই সন্দৰ্ভত বাৰ্তালাপ কৰিছে । নেশ্যনেল চেণ্টাৰ ফৰ ছিছম'লজিয়ে জনোৱা অনুসৰি, সোমবাৰে নিশা ৮.৪৯ বজাত ছিকিম-নেপাল সীমান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ।