অসম

assam

ETV Bharat / bharat

পিচিচিৰ সভাপতি পদকলৈ পাঞ্জাৱ কংগ্ৰেছত তীব্ৰ অসন্তুষ্টি - ছোনিয়া গান্ধী

কংগ্ৰেছে সিদ্ধুক নতুন পিচিচি সভাপতি হিচাপে ঘোষণা কৰিব । সিদ্ধুক দুগৰাকী কাৰ্যকৰী সভাপতিৰ সৈতে নতুন পিচিচি সভাপতি হিচাপে নিযুক্তি দিয়া হ'ব । বৰ্তমান পাঞ্জাৱ কংগ্ৰেছৰ নেতৃত্বত থকা সুনীল জাখৰক সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিত স্থান দিয়া হ'ব বুলি এক সূত্ৰই জানিবলৈ দিয়ে ।

Sidhu to meet Sonia Gandhi
পিচিচিৰ সভাপতি পদকলৈ তীব্ৰ অসন্তুষ্টি পাঞ্জাৱ কংগ্ৰেছত

By

Published : Jul 16, 2021, 10:33 PM IST

নেশ্যনেল ডেস্ক, ১৬ জুলাই :পঞ্জাৱ কংগ্ৰেছত পুনৰ উত্তেজনা বৃদ্ধি পাইছে । পঞ্জাৱ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নৱজোট সিং সিদ্ধুক কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিব বুলি খবৰ ওলোৱাৰ পিছতে দলৰ ভিতৰচ'ৰাত তীব্ৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে । বিশেষকৈ প্ৰাক্তন সহকৰ্মী তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে (Punjab Chief Minister Amarinder Singh) নিজৰ অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে ।

নৱজোট সিং সিদ্ধুক পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটিৰ (PCC) মুৰব্বী হিচাপে মনোনীত কৰা হ'ব বুলি চৰ্চা চলি থকাৰ মাজতে নৱজোট সিং সিদ্ধুৱে সাক্ষাৎ কৰে দলৰ মুৰব্বী ছোনিয়া গান্ধীক (Sonia Gandhi) । শুকুৰবাৰে পুৱাই নতুন দিল্লীত থকা ছোনিয়া গান্ধীৰ বাসগৃহত উপস্থিত হয় প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা নৱজোট সিং সিদ্ধু । জানিব পৰা মতে, দলটোৰ পঞ্জাৱৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হৰিশ ৰাৱটেও (Harish Rawat) শীঘ্ৰেই ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব ।

দলটোৰ সূত্ৰ অনুসৰি, কংগ্ৰেছে সিদ্ধুক নতুন পিচিচি সভাপতি হিচাপে ঘোষণা কৰিব । সিদ্ধুক দুগৰাকী কাৰ্যকৰী সভাপতিৰ সৈতে নতুন পিচিচি সভাপতি হিচাপে নিযুক্তি দিয়া হ'ব । বৰ্তমান পঞ্জাৱ কংগ্ৰেছৰ নেতৃত্বত থকা সুনীল জাখৰক (Sunil Jakhar) সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিত স্থান দিয়া হ'ব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে ।

ইফালে কেপ্টেইন অমৰিন্দৰ সিঙৰ এক ঘনিষ্ঠ সূত্ৰই জনোৱা মতে কংগ্ৰেছৰ এই সিদ্ধান্তকলৈ তেওঁ অসন্তুষ্ট আছিল আৰু দলৰ হাইকামাণ্ডক জনাইছিল যে তেওঁ সিদ্ধুক পিচিচি মুৰব্বী হিচাপে লৈ বিধানসভা নিৰ্বাচনলৈ নাযায় । অৱশ্যে দুয়োগৰাকী নেতাৰ মাজৰ এই কাজিয়া নতুন নহয় । ২০১৭ চনত পঞ্জাৱত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ পাচতে দুয়োগৰাকীৰ মাজত এই বিভেদৰ উৎপত্তি হৈছিল । সময়ৰ লগে লগে এই বিভেদ বাঢ়ি গৈছিল ।

এটা কথা নিশ্চিত যে, যদিহে কেন্দ্ৰীয় নেতৃত্বই সিদ্ধুক পিচিচিৰ সভাপতিৰ দায়িত্ব দিয়ে তেনেহ'লে পঞ্জাৱ কংগ্ৰেছত হয়টো এক বৃহৎ সংকটে দেখা দিব । ইয়াৰ লগে লগে কংগ্ৰেছৰ দখলত থকা পঞ্জাৱ বিৰোধীৰ হাতলৈ যাব নেকি বুলিও বহুতে সন্দেহ কৰিছে । উল্লেখ্য যে নৱজোট সিং সিদ্ধুৱে দিল্লীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো সাক্ষাৎ কৰে ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ ৰেলীত পাকিস্তান পন্থী শ্ল’গান

ABOUT THE AUTHOR

...view details