নিউজ ডেস্ক, 23 জুলাই :"পঞ্জাৱৰ সকলো কংগ্ৰেছ কৰ্মীয়ে পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী হ'ল ৷ এগৰাকী দলীয় নেতা আৰু দলটোৰ কৰ্মী সকলৰ মাজত কোনো পাৰ্থক্য নাই ৷" কেপ্টেইন অমৰিন্দ সিঙৰ উপস্থিতিত পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰি এইদৰে মন্তব্য প্ৰকাশ কৰিলে নৱজ্যোৎ সিং সিদ্ধুৱে (Navjot Singh Sidhu) ৷
শুকুৰবাৰৰ দিনটোত দেশৰ বহু ৰাজনৈতিক বিশ্লেষক তথা সমালোচৰ দৃষ্টি পঞ্জাৱ কংগ্ৰেছৰ ওপৰত ৷ কিয়নো বহু মত বিৰোধ তথা বাক-বিতণ্ডাৰ পাচত আনুষ্ঠানিকভাৱে পঞ্জাৱ কংগ্ৰেছৰ (Punjab Congress) দায়িত্ব গ্ৰহণ কৰিলে নৱজ্যোৎ সিং সিদ্ধুৱে ৷ এই বিশেষ দিনটোত আটাইটকৈ মন কৰিবলগীয়া দিশটো আছিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দ সিঙৰ (Captain Amrinder Singh) সন্মুখত দলৰ দায়িত্ব গ্ৰহণ কৰিলে নৱজ্যোত সিং সিদ্ধুৱে ৷
দায়িত্ব গ্ৰহণ কৰি দিয়া ভাষণৰ মাজতে সিদ্ধুৱে কয়, "সদস্য তথা কৰ্মীসকল হৈছে এটা দলৰ আত্মা ৷ কৰ্মীসকলৰ পৰাই এটা শক্তি আহৰণ কৰে দলে ৷ দলৰ কনিষ্ঠসকলৰ প্ৰতি মৰম আৰু জ্যেষ্ঠসকলৰ প্ৰতি তেওঁৰ সন্মান অতুত থাকিব ।" অৱশেষত "পঞ্জাৱ জিকিব, পাঞ্জাৱীসকল জিকিব," বুলি মন্তব্য প্ৰকাশ কৰে সিদ্ধুৱে ৷
উল্লেখ্য যে, নৱজ্যোৎ সিং সিদ্ধুৱে পঞ্জাৱ কংগ্ৰেছৰ দায়িত্বৱ গ্ৰহণ কৰাৰ পূৰ্বে পঞ্জাৱ ভৱনত মুখ্যমন্ত্ৰী অমৰিন্দ সিঙক সাক্ষাৎ কৰে ৷ প্ৰায় 4 মাহৰ পাচত অমৰিন্দ সিং আৰু নৱজ্যোৎ সিং সিদ্ধুৰ এইয়া আছিল প্ৰথমটো সাক্ষাৎ ৷ দুয়োজন কংগ্ৰেছ নেতাৰ এই বিশেষ সাক্ষাৎতৰ ফটো ইতিমধ্যে মুখ্যমন্ত্ৰীৰ মেডিয়া উপদেষ্টাই টুইটাৰত প্ৰকাশ কৰিছে ৷
এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ মতে অমৰিন্দ সিং আৰু নৱজ্যোৎ সিং সিদ্ধুৰ বৈঠক সৌহাৰ্যপূৰ্ণ আছিল ৷ পঞ্জাৱ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত কংগ্ৰেছ নেতা পৰগত সিঙে কয়, সিদ্ধুৱে হৰিশ ৰাৱটৰ উপস্থিতিত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে । ইয়াৰ লগতে সিদ্ধু আৰু সিঙে আন্তৰিকতাৰে মত বিনিময় কৰে বুলি মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা জনে ৷
নৱজ্যোৎ সিং সিদ্ধুৰ উপৰিও আজি সংগত সিং গিলজিয়ান, সুখীন্দৰ সিং ডেনি, পৱন গোৱেল আৰু কুলজিৎ সিং নাগ্ৰায়েও পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটীৰ দায়িত্ব গ্ৰহণ কৰে ৷ পঞ্জাৱৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱট, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰজিন্দৰ কৌৰ ভট্টাল, জ্যেষ্ঠ নেতা পাৰ্টাপ সিং বাজৱা আৰু লাল সিং আদি ৷
লগতে পঢ়ক: দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত মুখ্যমন্ত্ৰীক সাক্ষাৎ নৱজ্যোৎ সিং সিদ্ধুৰ