নেশ্য়নেল ডেস্ক, ১৬ জানুৱাৰী: ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ পঞ্জাৱত আজি তৃতীয় দিন (Bharat Jodo Yatra in Punjab)। সোমবাৰে ভাৰত জোড়ো যাত্ৰাৰ তৃতীয় দিনা ৰাহুল গান্ধীয়ে শ্ৰমিকসকলৰ সৈতে জলন্ধৰৰ গ্ৰামাঞ্চলৰ মাজেৰে গৈ হুচিয়াৰপুৰত উপস্থিত হ'ব । দেওবাৰে জলন্ধৰৰ পৰা সাংসদ সন্তোষ সিং চৌধুৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত ভাৰত জোড়ো যাত্ৰা পুনৰ আৰম্ভ হৈ সন্ধিয়া 6:30 বজাত জলন্ধৰৰ হেমকুণ্ট পাব্লিক স্কুলত সমাপ্ত হয় (MP Santokh Singh Chaudhary)। জলন্ধৰৰ খালচা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত শীৰ্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ১৬ কিলোমিটাৰ খোজ কাঢ়ি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে ।
ৰাহুল গান্ধীৰ এই যাত্ৰা জলন্ধৰ-হুচিয়াৰপুৰ ঘাইপথেৰে যোৱাৰ ফলত সৃষ্টি হ'ব পৰা যান-বাহনৰ সমস্যাৰ পৰা ৰাইজক সকাহ দিবলৈ জলন্ধৰ গ্ৰাম্য আৰক্ষীয়ে পথত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছুমান নিৰ্দেশনা জাৰি কৰা হৈছে । জিলা আৰক্ষী অধীক্ষক স্বৰণদীপ সিঙে কয় যে ১৬ জানুৱাৰীত ভাৰত জোড়ো যাত্ৰা চহৰখনৰ পিছত গ্ৰামাঞ্চলত প্ৰৱেশ কৰাৰ প্ৰতি লক্ষ্য় ৰাখি নিৰাপত্তাজনিত কাৰণত পাঠানকোটলৈ যোৱা পথসমূহ বন্ধ কৰা হৈছে ।
উল্লেখ্য় যে, পাঠানকোটলৈ যোৱা পথটো কৰতাৰপুৰ, বিয়াছ, বাটালা, গুৰদাসপুৰৰ মাজেৰে নিৰ্ধাৰণ কৰা হৈছে । আৰক্ষী অধীক্ষক স্বৰণদীপ সিঙে ৰাইজক ডাইভাৰ্চন পথৰ বাহিৰে আন কোনো পথ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে । যদিহে কোনোবাই বিকল্প পথৰে যান-বাহন চলায় তেতিয়াহ'লে তেওঁলোকে যান-জঁটৰ সন্মুখীন হ'ব পাৰে । তেওঁ পুনৰ কয় যে পাঠানকোটৰ পৰা জলন্ধৰ হৈ লুধিয়ানালৈ যোৱা লোকসকলৰ বাবে দাচুহা, তাণ্ডা, হুচিয়াৰপুৰ, ফাগৱাৰালৈ যোৱা পথটো ব্য়ৱহাৰৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে ।