নেশ্যনেল ডেস্ক, 1 আগষ্ট:পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শচীন বিষ্ণই ওৰফে শচীন থাপানক লৈ দিল্লীত উপস্থিত হ’ল আৰক্ষী ৷ মঙলবাৰে ৰাতিপুৱা, দিল্লী আৰক্ষীৰ বিশেষ কোষে তেওঁক আজাৰবাইজানৰ পৰা দিল্লীলৈ লৈ আহে ।
উল্লেখ্য যে পাটিয়ালা হাউচ আদালতে শচীন বিষ্ণইক দিল্লী আৰক্ষীক 10 দিনৰ ৰিমাণ্ড প্ৰদান কৰিছে । লগতে তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈও নিৰ্দেশ দিছে ৷ বিশেষ আৰক্ষী আয়ুক্ত (বিশেষ কোষ) এইচ জি এছ ধালিৱালে এখন সংবাদমেলত কয় যে বিগত বৰ্ষৰ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক বৈঠক অনুষ্ঠিত হৈছিল ৷ বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে ভাৰতত অপৰাধ সংঘটিত কৰি বিদেশলৈ পলায়ন কৰা অপৰাধীক গ্ৰেপ্তাৰৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল ৷
ইয়াৰ পিচত, দিল্লী আৰক্ষীয়ে মেক্সিকোৰ পৰা গেংষ্টাৰ দীপক বক্সাৰক গ্ৰেপ্তাৰ কৰে । শেহতীয়াকৈ গেংষ্টাৰ শচীন বিষ্ণইক আজাৰবাইজানৰ পৰা বিশেষ কোষে গ্ৰেপ্তাৰ কৰিছে । শচীন বিষ্ণইয়ে আজাৰবাইজানত থকা অৱস্থাত ছচিয়েল মিডিয়াৰ জৰিয়তে সিদ্ধু মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল ।
দিল্লী আৰক্ষীয়ে ইতিমধ্যে গুজৰাট আৰু ৰাজস্থানৰ পৰা হত্যাকাণ্ডটোৰ সৈতে জড়িত চাৰিজন শ্বুটাৰক গ্ৰেপ্তাৰ কৰিছে । কিন্তু সিদ্ধু মুছেৱালাৰ হত্যাৰ সময়ৰ পৰা শচীন বিষ্ণই পলাতক আছিল । এতিয়া প্ৰায় 13 মাহৰ পিচত, তেওঁ আৰক্ষীৰ জালত পৰে ৷
বিশেষ আৰক্ষী আয়ুক্ত (বিশেষ কোষ) এইচ জি এছ ধালিৱালে কয় যে শচীন বিষ্ণইৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰৰ ভিত্তিত তদন্ত কৰা হ’ব ৷ যিবোৰ ক্ষেত্ৰত তেওঁক আৰক্ষীৰ জিম্মাত লোৱাৰ প্ৰয়োজন হয়, আদালতৰ পৰা আৰক্ষীৰ জিম্মাত বিচৰা হ’ব ৷ উল্লেখ্য যে নতুন দিল্লীত শচীন বিষ্ণইৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু হৈছে ৷ ইয়াৰে এটা গোচৰত সিদ্ধু মুছেৱালাক হত্যাৰ সৈতে জড়িত আৰু আনটো এগৰাকী ব্যৱসায়ীৰ ওপৰত গুলীচালনা কৰাৰ সৈতে জড়িত ৷