অসম

assam

By

Published : Jul 6, 2023, 1:03 PM IST

ETV Bharat / bharat

Sidhi Urination Imbroglio : মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ভৰি ধুৱালে প্ৰস্ৰাৱ কাণ্ডৰ ভুক্তভোগীৰ

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মধ্য প্ৰদেশৰ সিধি জিলাত প্ৰস্ৰাৱ কাণ্ডৰ জনজাতীয় ভুক্তভোগী ব্যক্তিজনৰ ওচৰত ক্ষমা বিচাৰে ।

Sidhi Urination Imbroglio
Sidhi Urination Imbroglio

নিউজ ডেস্ক, ৬ জুলাই : মধ্যপ্ৰদেশৰ প্ৰস্ৰাৱ কাণ্ডত বিৰোধীৰ আক্ৰমণক প্ৰতিহত কৰাৰ প্ৰচেষ্টাৰে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বুধবাৰে ভুক্তভোগী জনজাতীয় লোকজনৰ ভৰি ধুৱাই দিয়ে । উল্লেখ্য, দুদিন পূৰ্বে এইগৰাকী ব্যক্তিৰ মুখত ৰাজ্যখনৰ এজন তথাকথিত বিজেপি নেতাই প্ৰস্ৰাৱ কৰিছিল । যাৰ বাবে তেওঁ এক ভয়ংকৰ লাঞ্ছনাৰ সন্মুখীন হ'বলগা হৈছিল আৰু এই ঘটনাটোৱে সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ এই কাৰ্যৰ ফটো তেওঁৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে । আনহাতে, শিৱৰাজ সিং চৌহানৰ ভৰি ধুৱাই থকা এটা ভিডিঅ' সংবাদ মাধ্যমৰ সৈতেও শ্বেয়াৰ কৰিছে ।

জনজাতীয় ব্যক্তিজনক সন্মান জনোৱা এই অনুষ্ঠানটো বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হয় । আনহাতে, ঘটনাটোৰ বাবে চৌহানে ব্যক্তিগতভাৱে লোকজনৰ ওচৰত ক্ষমা বিচাৰে আৰু তেওঁৰ আন্তৰিক অনুশোচনাও প্ৰকাশ কৰিবলৈ চেষ্টা কৰে । মুখ্যমন্ত্ৰীয়ে লোকজনৰ ভৰি ধুৱাবলৈ আগবাঢ়ি গৈ শ্ৰদ্ধাৰে তেওঁৰ কপালত হাত বুলাই দিয়ে ।

ইয়াৰ উপৰি লোকজনৰ কপালত তিলকো প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে । লগতে তেওঁৰ ডিঙিত মালা পিন্ধাই সন্মান প্ৰদৰ্শন কৰে । আনহাতে, তেওঁৰ সদিচ্ছা আৰু আশীৰ্বাদৰ প্ৰতীক স্বৰূপে জনজাতীয় লোকজনক উপহাৰ হিচাপে ভগৱান গণেশৰ এটা মূৰ্তিও প্ৰদান কৰে । "মনটো দুখী; দশমতজী, এইটো আপোনাৰ বেদনা ভাগ কৰি লোৱাৰ বাবে কৰা এটা প্ৰয়াস । মই আপোনাৰ ওচৰত ক্ষমাও বিচাৰিছোঁ, মোৰ বাবে ৰাইজে ভগৱান !" চৌহানে কয় ।

"মানুহৰ সেৱা কৰাটো ঈশ্বৰৰ উপাসনা কৰাৰ সমান । আমি বিশ্বাস কৰোঁ যে ভগৱান প্ৰতিজন মানুহৰ মাজত বাস কৰে । যিটো অমানৱীয় ঘটনা ঘটিছিল তাত মই দুখ পাইছোঁ । দৰিদ্ৰ লোকসকলৰ বাবে সন্মান আৰু নিৰাপত্তা গুৰুত্বপূৰ্ণ ।" সংবাদ সংস্থা এএনআয়ে শিৱৰাজ সিং চৌহানৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে ।

ইফালে, অপৰাধী প্ৰবেশ শুক্লাক বুধবাৰে পুৱতিনিশা গ্ৰেপ্তাৰ কৰা হয় । এই অমানৱীয় কাৰ্যৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ঘটনাটোৱে ব্যাপকভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । এই ঘটনাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে গৰিহণা দিয়ে । আনহাতে, মুখ্যমন্ত্ৰী চৌহানে ভিডিঅ'টো সন্দৰ্ভত তৎক্ষণাৎ কাৰ্যব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দি কয় যে অভিযুক্তই তেওঁৰ কৃতকৰ্মৰ বাবে কঠোৰ পৰিণাম আৰু 'কঠোৰ শাস্তি'ৰ সন্মুখীন হ'ব লাগিব ।

উল্লেখ্য যে অভিযুক্ত শুক্লাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ২৯৪ (অশ্লীল কাৰ্যৰ সৈতে সম্পৰ্কিত) আৰু ৫০৪ (শান্তি ভংগৰ বাবে ইচ্ছাকৃত অপমান) অধীনত এখন এজাহাৰ দাখিল কৰা হৈছে । লগতে অনুসূচিত জাতি/জনজাতি আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তদুপৰি, তেওঁৰ অপৰাধৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি শুক্লাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) অধীনত অভিযুক্ত কৰা হৈছে ।

লগতে পঢ়ক :School Reopen in Manipur: মণিপুৰত পুনৰ খুলিছে বিদ্যালয়সমূহ, অভিভাৱকৰ সঁহাৰি নিৰাশাজনক

ABOUT THE AUTHOR

...view details