অসম

assam

ETV Bharat / bharat

Chandrayaan-3 success: ইছৰ’ৰ অধ্যক্ষ সহ অন্যান্য বিজ্ঞানীসকলক সম্বৰ্ধনা মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ - বিধানসভাৰ অধ্যক্ষ ইউটি খাদেৰে

ইছৰ’ৰ সফলতাৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই পিনিয়া অঞ্চলত থকা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি বিজ্ঞানীসকলৰ দলটোক অভিনন্দন জনায় ৷ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই ইছৰোৰ মুৰব্বী এছ সোমনাথক পাগুৰিৰে সম্বৰ্ধনা জনায় আৰু মিঠাই বিতৰণ কৰি এই ঐতিহাসিক মুহূৰ্তৰ বাবে অভিনন্দন জনায় ৷

Siddaramaiah felicitates ISRO chief for Chandrayaan-3's success
ইছৰ’ৰ অধ্যক্ষ সহ অন্যান্য বিজ্ঞানীসকলক সম্বৰ্ধনা মুখ্যমন্ত্ৰী সিদ্দাৰামায়াৰ

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 9:08 PM IST

নেশ্যনেল ডেস্ক, 24 আগষ্ট: 23 আগষ্টত চন্দ্ৰযান 3 য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰাৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈছিল প্ৰতিগৰাকী ভাৰতীয় ৷ ইয়াৰ পিচতে ISRO ৰ এই সফলতাক প্ৰতিগৰাকী ভাৰতীয়ই একমুখে শলাগ লৈছে ৷ বৃহস্পতিবাৰে ইছৰ’ৰ এই সফলতাৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই পিনিয়া অঞ্চলত থকা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি বিজ্ঞানীসকলৰ দলটোক অভিনন্দন জনায় ৷ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই ইছৰোৰ মুৰব্বী এছ সোমনাথক পাগুৰিৰে সম্বৰ্ধনা জনায় আৰু মিঠাই বিতৰণ কৰি এই ঐতিহাসিক মুহূৰ্তৰ বাবে অভিনন্দন জনায় ৷ চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰা ভাৰত হৈছে চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰত প্ৰথমখন দেশ ৷

ইছৰ’ৰ অধ্যক্ষ সহ অন্যান্য বিজ্ঞানীসকলক সম্বৰ্ধনা মুখ্যমন্ত্ৰী সিদ্দাৰামায়ৰ

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰি ভাৰতে ইতিহাসৰ পাতত নাম খোদিত কৰিলে ৷ চন্দ্ৰযান 3 ৰ সফলতা আমাৰ সকলোৰে বাবে গৌৰৱৰ মুহূৰ্ত ৷ মই বিক্ৰম লেণ্ডাৰৰ অৱতৰণ কৰা দৃশ্য উপভোগ কৰিছিলো ৷ এই মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হৈ কৰি বহু সুখী আৰু গৌৰৱান্বিত ৷ এয়া আমাৰ বাবে এক ডাঙৰ সাফল্য, বিজ্ঞানীসকলে 4 বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি এই পৰিকল্পনা সফল কৰিছে ৷"

ইছৰ’ৰ অধ্যক্ষ সহ অন্যান্য বিজ্ঞানীসকলক সম্বৰ্ধনা মুখ্যমন্ত্ৰী সিদ্দাৰামায়ৰ

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,"চন্দ্ৰযান 3 ৰ সফলতা প্ৰায় 500 বিজ্ঞানীৰ প্ৰচেষ্টাৰ ফল ৷ ই 3,84,000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ৷ ব্যক্তিগতভাৱে, মই বহুত সুখী ৷ চন্দ্ৰযান 3 ৰ কৃতিত্ব ঐতিহাসিক আছিল ৷ সমগ্ৰ বিশ্বই চকু নিবদ্ধ আছিল ভাৰতলৈ ৷ কেৱল ৰাছিয়া, আমেৰিকা আৰু চীন চন্দ্ৰত উপনীত হৈছিল, এতিয়া ভাৰতে সফলতাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হৈছে ৷ আমি সকলোৱে এই সাফল্যত সুখী হোৱা উচিত ৷"

ইছৰ’ৰ এই সাফল্যত গৌৰৱেৰে মুখ্যমন্ত্ৰীয়ে কয় যে ইছৰোৰ অধ্যক্ষ আৰু বিজ্ঞানীসকলক চৰকাৰে সন্মানিত কৰিব ৷ বিধাঞ্চৌদাৰ বেংকুৱেট হলত চৰকাৰৰ দ্বাৰা এক কাৰ্যসূচী আয়োজন কৰা হ'ব ৷ "আমি ইছৰ’ দলক সন্মান জনোৱাৰ বাবে এক বিশেষ অনুষ্ঠান কৰিম" বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ৷

ইয়াৰোপৰি বিধানসভাৰ অধ্যক্ষ ইউটি খাদেৰেও ইছৰ’ৰ কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো বিজ্ঞানীক অভিনন্দন জনায় ৷ খাদেৰেই কয় যে, এই দিনটো ভাৰতৰ বাবে এক ঐতিহাসিক দিন আছিল ৷ এই সাফল্যৰ পিচতে বুধবাৰে, উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰেও ইছৰ’ৰ কাৰ্যালয়ত পৰিদৰ্শন কৰি দলটোক অভিনন্দন জনায় ৷ ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথ, ইউ আৰ ৰাও মহাকাশ কেন্দ্ৰৰ সঞ্চালক শংকৰণ, প্ৰকল্প সঞ্চালক বীৰামুথু, সহকাৰী প্ৰকল্প সঞ্চালক কল্পনা, যন্ত্ৰ ৰক্ষণাবেক্ষণ সঞ্চালক শ্ৰীকান্ত আৰু অন্যান্য বিজ্ঞানীসকলক ডি কে শিৱকুমাৰে সন্মানিত কৰে ৷

লগতে পঢ়ক:Chandrayaan 3 Lunar Exploration : চন্দ্ৰৰ দক্ষিণ মেৰুত মানৱ উপনিবেশ সৃষ্টিৰ সম্ভাৱনা আছে; ইছৰোৰ মুৰব্বী

ABOUT THE AUTHOR

...view details