অসম

assam

By

Published : May 19, 2023, 4:35 PM IST

ETV Bharat / bharat

Siddaramaiah-Shivakumar Oath Taking ceremony : শনিবাৰে কৰ্ণাটক চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান

জল্পনা-কল্পনাৰ অন্তত শনিবাৰে বেংগালুৰুত অনুষ্ঠিত হ'ব কৰ্ণাটকত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান । মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে ডি কে শিৱকুমাৰে শনিবাৰে শপত গ্ৰহণ কৰিব (Siddaramaiah and Shivakumar Oath Taking ceremony) । অনুষ্ঠানত উপস্থিত থাকিব বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বহুকেইজন বিৰোধী দলৰ নেতা ।

Siddaramaiah-Shivakumar Oath Taking ceremony
Siddaramaiah-Shivakumar Oath Taking ceremony

নিউজ ডেস্ক, ১৯ মে' : শনিবাৰে কৰ্ণাটকৰ জনসাধাৰণে লাভ কৰিবৰ আগন্তুক পাঁচ বছৰৰ বাবে এখন নতুন চৰকাৰ (Karnataka new govt oath taking ceremony) । শনিবাৰে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী পদত ডি কে শিৱকুমাৰে শপত গ্ৰহণ কৰিব (Siddaramaiah and DK Shivakumar Oath Taking ceremony) । কংগ্ৰেছ চৰকাৰৰ এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কংগ্ৰেছৰ নেতাসকলৰ লগতে আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক আমন্ত্ৰণ জনোৱা হৈছে । লগতে আমন্ত্ৰণ জনোৱা হৈছে দেশৰ আগশাৰীৰ বিৰোধী নেতাসকলকো । যাৰ বাবে কাৰ্যত বেংগালুৰুৰ কণ্টেৰাভা ষ্টেডিয়ামত অনা বিৰোধী দলসমূহৰ একতা প্ৰদৰ্শিত হ'ব । উল্লেখ্য, ২০১৮ চনত বিজেপি মিত্ৰজোঁট চৰকাৰ গঠনৰ সময়তো এই একেই পদক্ষেপ গ্ৰহণ কৰা হৈছিল শপত গ্ৰহণ অনুষ্ঠানত ।

নতুন মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামাইয়া (Siddaramaiah new Chief Minister of Karnataka) আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে ডি কে শিৱকুমাৰে শনিবাৰে দুপৰীয়া ১২.৩০ বজাত বেংগালুৰুৰ কণ্টেৰাভা ষ্টেডিয়ামত শপত গ্ৰহণ কৰিব (DK Shivakumar Deputy Chief Minister of Karnataka) । ইয়াৰ বাবে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছে বহুকেইখন ৰাজ্যৰ দলীয় নেতা আৰু মুখ্যমন্ত্ৰীসকলক শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আনুষ্ঠানিক আমন্ত্ৰণ প্ৰেৰণ কৰিছে । শনিবাৰৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে দেশৰ ১১ গৰাকী শীৰ্ষ ৰাজনীতিবিদৰ ।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলগা বিশিষ্ট ব্যক্তিসকল : এআইচিচিৰ নেতা ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং, পুডুচেৰীৰ মুখ্যমন্ত্ৰী ৰংগাস্বামী, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চ’ৰেনে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এই ১১ গৰাকী গণ্য-মান্য ব্যক্তিৰ অংশগ্ৰহণ সন্দৰ্ভত এক চৰকাৰী বিজ্ঞপ্তিও জাৰি কৰা হৈছে ।

অংশগ্ৰহণকাৰী বিশিষ্ট ব্যক্তিসকলৰ বাবে Z+ নিৰাপত্তা ব্যৱস্থা :শনিবাৰে কণ্টেৰাভা ষ্টেডিয়ামত নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা কংগ্ৰেছ হাইকমাণ্ডৰ নেতাসহ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ভিআইপিসকলৰ বাবে Z+ আৰু Z+ শ্ৰেণীৰ নিৰাপত্তা ব্যৱস্থা প্ৰস্তুত কৰা হৈছে । ১২ জন এচিপি, ১১ জন সংৰক্ষিত আৰক্ষী পৰিদৰ্শক, ১১ জন সংৰক্ষিত উপ-পৰিদৰ্শক, ২৪ জন সহকাৰী সংৰক্ষিত উপ-পৰিদৰ্শক, ২০৬ জন কনিষ্টবলক নিৰাপত্তাৰ বাবে নিয়োজিত কৰা হৈছে ।

কাণ্টেৰাভা ষ্টেডিয়ামৰ চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা :আনহাতে, শপত গ্ৰহণ অনুষ্ঠান উপভোগ কৰিবলৈ মহীশূৰ, মাণ্ড্য, ৰামনগৰ, উত্তৰ কৰ্ণাটক আৰু কোলাৰৰ পৰা হাজাৰ হাজাৰ সমৰ্থক আৰু দলীয় কৰ্মী উপস্থিত হোৱাৰ সম্ভাৱনা আছে । তেনে পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।

চোৰাংচোৱা বিভাগৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে ষ্টেডিয়ামৰ সকলো দিশতে উচ্চ স্তৰৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে অনুষ্ঠানৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু মুখ্য সচিব বন্দিতা শৰ্মাই এই প্ৰস্তুতি তদাৰক কৰি আছে ।

নিৰাপত্তা ব্যৱস্থাসমূহ : ষ্টেডিয়ামৰ দুখন গে'টত ভিভিআইপি বাহনক প্ৰৱেশৰ অনুমতি দিয়া হৈছে আৰু পৃথকে প্ৰৱেশ কৰাৰ ব্যৱস্থা কৰা হৈছে । মহানগৰ আৰক্ষী আয়ুক্ত, যান-বাহন বিভাগৰ বিশেষ আয়ুক্ত, যুটীয়া আয়ুক্ত, দুজন অতিৰিক্ত আৰক্ষী আয়ুক্তৰ উপৰিও ৮ জন ডিচিপিক নিৰাপত্তাৰ বাবে নিয়োগ কৰা হৈছে ।

উল্লেখ্য যে কংগ্ৰেছে এই শপত গ্ৰহণ কাৰ্যসূচীক দলটোৰ শক্তি প্ৰদৰ্শনৰ বাবে এক মঞ্চ হিচাপে গঢ়ি তুলিবলৈ প্ৰস্তুতি চলাই আছে । তাৰেই ফলশ্ৰুতিত বিশাল জনসমাগম আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে । সেয়েহে ১,৫০০ তকৈও অধিক আৰক্ষী মোতায়েন কৰা হৈছে । দহজন এচিপি আৰু ২৮ জন পৰিদৰ্শকৰ দ্বাৰা নিৰাপত্তা ব্যৱস্থাৰ নেতৃত্ব দিয়া হ'ব । এজন এচিপি পদবীৰ বিষয়াই আঠখন গে'টত নিৰাপত্তাৰ নেতৃত্ব দিব আৰু ৫০০ যান-বাহন আৰক্ষীয়ে খেলপথাৰৰ সৈতে সংযোগ কৰা চাৰিওফালৰ ৰাস্তাবোৰত যান-বাহন পৰিচালনা কৰিব ।

লগতে পঢ়ক :Earth sciences Minister Kiren Rijiju : ভূবিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কিৰেণ ৰিজিজুৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details