অসম

assam

Karnataka Cabinet Formation : হাইকমাণ্ডৰ সৈতে কেবিনেট গঠনৰ বিষয়ে আলোচনা; দিল্লীলৈ সিদ্দাৰামাইয়া-শিৱকুমাৰ

By

Published : May 19, 2023, 11:34 AM IST

Updated : May 19, 2023, 12:40 PM IST

কেবিনেট গঠনৰ সিদ্ধান্তৰ বাবে দিল্লীলৈ ৰাওনা সিদ্দাৰামাইয়া আৰু ডি কে শিৱকুমাৰ । দিল্লীত হাইকমাণ্ডৰ সৈতে আলোচনাৰ পিছত কৰ্ণাটকৰ সিদ্দাৰামাইয়া চৰকাৰৰ কেবিনেটৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব (New Karnataka govt cabinet formation) । ইফালে মন্ত্ৰিত্বপ্ৰত্যাশীসকলে বিভিন্ন লবীৰ জৰিয়তে হেঁচা প্ৰয়োগ অব্যাহত ৰাখিছে ।

Karnataka Cabinet Formation
Karnataka Cabinet Formation

নিউজ ডেস্ক, ১৯ মে' :কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী মনোনীত সিদ্দাৰামাইয়া (Karnataka CM designate Siddaramaiah) আৰু উপ-মুখ্যমন্ত্ৰী মনোনীত ডি কে শিৱকুমাৰ শুকুৰবাৰে দিল্লীলৈ ৰাওনা হ'ব (Karnataka DCM designate DK Shivakumar) । দিল্লীত তেওঁলোক কেবিনেট মন্ত্ৰীসকলৰ বিষয়ে হাইকমাণ্ডৰ সৈতে আলোচনাত মিলিত হ'ব । দুয়োগৰাকী নেতাই বিশেষ বিমানেৰে দিল্লীলৈ গৈ ৰাজ্য চৰকাৰৰ কেবিনেট গঠন সন্দৰ্ভত হাইকমাণ্ডৰ সৈতে আলোচনা কৰিব (new Karnataka govt cabinet formation) । আনহাতে, হাইকমাণ্ডৰ পৰা কেবিনেট মন্ত্ৰীসকলৰ নামৰ বাবে সেউজ সংকেত পোৱাৰ পিছত দুয়ো শুকুৰবাৰে সন্ধিয়াই বাংগালুৰুলৈ উভতি আহিব বুলি জানিব পৰা গৈছে (Siddaramaiah and Shivakumar to visit Delhi) ।

সিদ্দাৰামাইয়া আৰু ডি কে শিৱকুমাৰে দিল্লীত এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ (AICC President Mallikarjuna Kharge) সৈতে আলোচনাত মিলিত হ'ব । কেবিনেটৰ সংখ্যা ডাঙৰ হোৱাৰ সম্ভাৱনা আছে আৰু দুয়োগৰাকী নেতাই তেওঁলোকৰ ঘনিষ্ঠ সহযোগীসকলক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত হাইকমাণ্ডৰ সৈতে আলোচনা কৰিব (Congress highcommand for Karnataka cabinet) । তাৰ বাবে দুয়োজন নেতায়ে মন্ত্ৰী পদৰ বাবে বিধায়ক প্ৰাৰ্থীৰ এখন তালিকা লৈ দিল্লীলৈ ৰাওনা হৈছে । ইফালে দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে ডি কে শিৱকুমাৰে তেওঁৰ বাসগৃহত কয়, "আমি আমাৰ গেৰাণ্টি কাৰ্যকৰী কৰিবলৈ গৈ আছোঁ ।"

উল্লেখ্য যে শনিবাৰে আবেলি বাংগালুৰুৰ শ্ৰী কণ্টেৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ কাৰ্যসূচীত কমেও ১২-১৫ জন মন্ত্ৰীক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে (new Karnataka govt oath taking program) । কেবিনেট গঠনত সম্প্ৰদায়, অঞ্চল, জ্যেষ্ঠতা অনুসৰি আৰু মহিলাৰ প্ৰতিনিধিত্ব বিবেচনা কৰা হৈছে । বেছিভাগ জ্যেষ্ঠ নেতাই মন্ত্ৰীসভাত সুযোগ পোৱাৰ সম্ভাৱনা আছে ।

শেহতীয়াকৈ জানিব পৰা মতে, বিধায়কসকলে মন্ত্ৰীসভাত যোগদান কৰিবলৈ যথেষ্ট লবীৰ সৃষ্টি কৰিছে । কিছুমানে তেওঁলোকৰ নিজ সম্প্ৰদায়ৰ স্বামীজিসকলৰ জৰিয়তে তেওঁলোকৰ চাপ সৃষ্টিৰ কৌশল অব্যাহত ৰাখিছে । আন কিছুমানে আকৌ কেবিনেটত যোগদান কৰিবলৈ হাইকমাণ্ডৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে । ইফালে বৃহস্পতিবাৰৰ পৰা বহুকেইজনে মন্ত্ৰী পদৰ বাবে লবী কৰিবলৈ সিদ্দাৰামাইয়া আৰু শিৱকুমাৰৰ ঘৰলৈ গৈ আছে । সূত্ৰ অনুসৰি, বেছিভাগ জ্যেষ্ঠ নেতাই মন্ত্ৰীপদ লাভ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও কিছু নতুন মুখকো মন্ত্ৰীপদ দিয়াৰ সম্ভাৱনা আছে ।

সিদ্দাৰামাইয়া কেবিনেটৰ সাম্ভাৱ্য মুখ : প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ডঃ জি পৰমেশ্বৰ, প্ৰাক্তন মন্ত্ৰী কে জে জৰ্জ, ৰামলিঙ্গ ৰেড্ডী, এম বি পাটিল, আৰ ভি দেশপাণ্ডে, এইচ কে পাটিল, এম কৃষ্ণাপ্পা, প্ৰিয়ংক খাৰ্গে, লক্ষ্মণ সাভাদি, জগদীশ শ্বেট্টাৰ, দীনেশ গুণ্ডুৰাও, কৃষ্ণবাইৰে গৌড়া, এইচ চি মহাদেয়াপ্পা, সতীশ জাৰাকিহোলি, ইউ টি খান্দেৰ, ঈশ্বৰ খান্দেৰ, জমিৰ আহমেদ খান আৰু লক্ষ্মী হেব্বালকাৰ ।

ইয়াৰ উপৰি আন মন্ত্ৰিত্ব প্ৰত্যাশীসকল হৈছে : শৰণপ্ৰকাশ পাটিল, শিৱলিঙ্গে গৌড়া, শিৱৰাজ টাংগাদাগী, পুট্টাৰঙ্গচেট্টী, আল্লামাপ্ৰভু পাটিল, শৰণবাচাপ্পা দৰ্শনপুৰা, তনবীৰ শেঠ, চেলিম আহমেদ, নাগৰাজ যাদৱ, ৰূপা শশীধৰ, এছ আৰ শ্ৰীনিবাস, চেলুভাৰায়াস্বামী, এম পি নৰেন্দ্ৰ স্বামী, মাগাদি বালকৃষ্ণ, ৰাঘৱেন্দ্ৰ হিতনাল, বি নাগেন্দ্ৰ, কে এইচ মুনিয়াপ্পা, আৰ বি থিম্মাপুৰা, শিৱানন্দ পাটিল, এছ এছ মল্লিকঅৰ্জুন, ৰাহিন খান আৰু বাইৰাতি সুৰেশ ।

লগতে পঢ়ক :Karnataka next CM : আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ আসনত সিদ্দাৰামাইয়া !

Last Updated : May 19, 2023, 12:40 PM IST

ABOUT THE AUTHOR

...view details