অসম

assam

By

Published : Apr 26, 2021, 11:07 AM IST

ETV Bharat / bharat

কৰ’ণা ৰোগীৰ বাবে পাটনাত সজা হৈছে পৰিৱেশ অনুকূল চিকিৎসালয়

বিহাৰৰ পাটনাত কৰ’ণাত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে নিৰ্মাণ কৰা হৈছে এখন বিশেষ চিকিৎসালয় ৷ 50 খন বিচনাযুক্ত চিকিৎসালয়খনত বৰ্তমান 30 গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ ৰোগীসকলৰ বাবে বিশেষ পদ্ধতিৰে শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ ব্যৱস্থা কৰা হৈছে ৷

ক'ৰণাক্ৰান্তৰ বাবে পাটনাত নিৰ্মাণ কৰা হৈছে বিশেষ চিকিৎসালয়
ক'ৰণাক্ৰান্তৰ বাবে পাটনাত নিৰ্মাণ কৰা হৈছে বিশেষ চিকিৎসালয়

নেশ্যনেল ডেস্ক,26 এপ্ৰিল:সমগ্ৰ ৰাজ্যতে মহামাৰী কৰ’ণাই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে বিহাৰৰ পাটনাত কৰ’ণাত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে নিৰ্মাণ কৰা হৈছে এখন বিশেষ চিকিৎসালয় ৷ 50 খন বিচনাযুক্ত চিকিৎসালয়খনত বৰ্তমান 30 গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ পাটনাৰ মাচাৰহি গাঁৱত নিৰ্মাণ কৰা চিকিৎসালয়খনে ৰোগীসকলৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ ব্য়ৱস্থা ৷ উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ ৰোগীসকলৰ বাবে বিশেষ পদ্ধতিৰে শীত-তাপ নিয়ন্ত্ৰণ কৰা কোঠাৰ ব্যৱস্থা কৰিছে ৷

গোড়খপুৰৰ শ্ৰীথি পাণ্ডে আৰু নিৰ্মাণ কোম্পানীয়ে চিকিৎসালয়খন বিশেষভাৱে ডিজাইন কৰাৰ লগতে নিৰ্মাণ কৰি উলিয়াইছে । নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা নিৰ্মাণ ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শ্ৰীথি পাণ্ডেয়ে শীত-তাপ নিয়ন্ত্ৰণৰ বাবে কোনো প্ৰযুক্তি ব্য়ৱহাৰ নকৰাকৈ প্ৰাকৃতিকভাৱে লাভ কৰা সামগ্ৰীৰে চিকিৎসালয়খন নিৰ্মাণ কৰি উলিয়াইছে ৷ উল্লেখ্য যে, শ্ৰীথি পাণ্ডেয়ে ফৰ্বছ নামৰ আলোচনীখনতো প্ৰাকৃতিকভাৱে পোৱা সামগ্ৰী ব্যৱহাৰ কৰি কম খৰছেৰে কেনেদৰে ঘৰ নিৰ্মাণ কৰিব পাৰি সেয়াও উল্লেখ কৰিছে ৷

ক'ৰণাক্ৰান্তৰ বাবে পাটনাত নিৰ্মাণ কৰা হৈছে বিশেষ চিকিৎসালয়

আনহাতে, এই বিশেষ চিকিৎসালয়খন এনজিঅ' ডক্টৰছ ফৰ ইউৰ দ্বাৰা পৰিচালিত হৈ আছে । বৰ্তমান, এই 50 বিচনাযুক্ত চিকিৎসালয়খনে 30 গৰাকী ক'ভিড ৰোগীৰ চিকিৎসা কৰি থকা চিকিৎসালয়খনে এক্স-ৰে আৰু অন্যান্য চিকিৎসা সুবিধাও প্ৰদান কৰে। ডক্টৰছ ফৰ ইউৰ প্ৰকল্প প্ৰৱন্ধক প্ৰমোদ কুমাৰে জনোৱা মতে, চিকিৎসালয়খনত ৰোগী সকলৰ বাবে পৰ্যাপ্ত পৰিমানৰ অক্সিজেন চিলিণ্ডাৰৰ ব্য়ৱস্থা কৰাৰ লগতে 100 গৰাকীৰো অধিক ক'ৰণা ৰোগীক আৰোগ্য় কৰি তুলিছে ৷

লগতে পঢ়ক: ওড়িশাত মহামাৰী কৰ’ণাই প্ৰাণ ল'লে সাংবাদিকৰ

ABOUT THE AUTHOR

...view details