নেশ্যনেল ডেস্ক, ২২ এপ্ৰিল: ক'ভিড-১৯ ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন সাময়িকভাৱে স্থগিত ৰখা হৈছে । শ্ৰী অমৰনাথজী শ্ৰাইন বোৰ্ডে (এছএএছবি) সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন স্থগিত ৰাখিছে । পৰৱৰ্তী সময়ত পৰিস্থিতি উন্নত হ'লে ইয়াক পুনৰ মুকলি কৰা হ'ব ।
কৰ'ণাৰ বাবে অমৰনাথ যাত্ৰাৰ অনলাইন পঞ্জীয়ন স্থগিত - অমৰনাথ যাত্ৰা
ক'ভিড-১৯ ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন সাময়িকভাৱে স্থগিত ৰখা হৈছে । সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শ্ৰী অমৰনাথজী শ্ৰাইন বোৰ্ডে (এছএএছবি)য়ে স্থগিত ৰাখিছে অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন ।
কৰ'ণাৰ বাবে অমৰনাথ যাত্ৰাৰ অনলাইন পঞ্জীয়ন স্থগিত
উল্লেখ্য যে, অহা ১৫ এপ্ৰিলত অমৰনাথ যাত্ৰাৰ অনলাইন পঞ্জীয়ন ১২ এপ্ৰিলত আৰম্ভ কৰাৰ কথা জনাইছিল মন্দিৰ কৰ্তৃপক্ষই । বাৰ্ষিক ৫৬ দিনীয়া অমৰনাথ যাত্ৰা অহা ২৮ জুনত ক'ভিড প্ৰটকলেৰে আৰম্ভ হ'ব আৰু পৰম্পৰা অনুসৰি, ২২ আগষ্টত ৰক্ষা বন্ধনৰ দিনা সমাপ্ত হ'ব ।
লগতে পঢ়ক:কৰ’ণাৰ লক্ষণ দেখা নিদিয়া ব্যক্তিসকল সাৱধান হোৱা প্ৰয়োজন