নেশ্য়নেল ডেস্ক,২৪ডিচেম্বৰ: মথুৰাৰ জিলা আদালতে শুকুৰবাৰে শ্ৰীকৃষ্ণ জন্মভূমি গোচৰ সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰে (Court on Shri Krishna Janmabhumi case)। অসামৰিক ন্যায়াধীশ জ্যেষ্ঠ বিভাগৰ আদালতে চৰকাৰক বিতৰ্কিত স্থানলৈ আমিন প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে (Civil Judge Senior Division)। ইয়াৰ লগতে আদালতে এই সন্দৰ্ভত প্ৰতিবেদন অহা 20 জানুৱাৰীৰ ভিতৰত আদালতত দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ।
উল্লেখ্য় যে যোৱা ৪ ডিচেম্বৰত হিন্দু সেনাই শ্ৰীকৃষ্ণ জন্মভূমি ঈদগাহ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল (Shri Krishna Janmabhoomi Idgah case)। সমান্তৰালভাৱে হিন্দু সেনাই বিতৰ্কিত স্থানৰ ঘটনাস্থলী পৰিদৰ্শন কৰা আৰু চৰকাৰৰ প্ৰতিবেদন আদালতত দাখিল কৰাৰ দাবী জনাইছিল । ইয়াৰ পিছত ২৩ ডিচেম্বৰত আদালতে এই নিৰ্দেশ জাৰি কৰে ।
হিন্দু সেনাৰ (Hindu Sena) আবেদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসামৰিক ন্যায়াধীশ জ্যেষ্ঠ বিভাগৰ আদালতে চৰকাৰক বিতৰ্কিত স্থানলৈ আমিন প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে (Court orders on disputed land)। আদালতে পুনৰ উল্লেখ কৰিছে যে ঠাইখনৰ ভৌগোলিক অৱস্থান পৰীক্ষা কৰিব লাগে আৰু বিতৰ্কিত স্থানৰ মাটি সন্দৰ্ভত অহা ২০ জানুৱাৰীৰ ভিতৰত আদালতত আৱেদন উপস্থাপন কৰিব লাগিব (Shri Krishna Janmbhumi case Ameen report )।