নেচনেল ডেস্ক, 4 জানুৱাৰী:শ্ৰীকৃষ্ণৰ জন্মভূমিৰ মালিকীস্বত্ব বিচাৰি আৰু উক্ত অঞ্চল বেদখল মুক্ত কৰাৰ দাবীৰে আদালতত দাখিল কৰা দাবীৰ শুনানি সোমবাৰে গ্ৰহণ কৰা হ'ব ৷ 22 ডিচেম্বৰত হিন্দু আৰ্মী চীফ সংগঠনে ভগৱান শ্ৰী কৃষ্ণৰ বংশধৰ বুলি দাবী কৰি আদালতত এখন 29 পৃষ্ঠা জোৰা আবেদন দাখিল কৰিছিল ৷
লক্ষ্নৌৰ নিৱাসী মনীষ যাদৱে নিজকে শ্ৰী কৃষ্ণ ভগৱানৰ বংশধৰ বুলি দাবী কৰি মথুৰাৰ আদালতত অধিবক্তা পংকজ যোশীৰ সহায়ত শ্ৰীকৃষ্ণৰ জন্মভূমিৰ মালিকীস্বত্ব দাবী কৰি আবেদন দাখিল কৰিছিল ৷ চুন্নী বাকফ বৰ্ড, শাহী ইদগাহ কমিটীৰ লগতে শ্ৰী কৃষ্ণ জন্মস্থান সোৱা সংস্থানৰ লগ হৈ মনীষ যাদৱে উক্ত আবেদন জনাইছিল ৷