নেশ্যনেল ডেস্ক,26 এপ্ৰিল:দেশত ভয়াৱহভাৱে ক’ভিড-19 ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গুৰুদ্বাৰ শ্ৰীহেমকুন্ত চাহিব পৰিচালনা কমিটিয়ে দেওবাৰে চলিত বৰ্ষৰ 10 মে'ৰ পৰা আৰম্ভ হ'বলগীয়া হেমকুণ্ড চাহিব যাত্ৰা স্থগিত ৰাখিছে ৷ দেশত ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য় ৰাখি পৰিচালনা কমিটিয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই সিদ্ধান্ত ঘোষণা কৰে । তীৰ্থযাত্ৰাৰ পৰৱৰ্তী দিন নিৰ্ধাৰণ কৰা হোৱা নাই ৷
ক’ভিড-19 ৰ ভয়াৱহতাৰ বাবেই স্থগিত শ্ৰীহেমকুন্ত চাহিব যাত্ৰা - ক’ভিড-19 ৰ সংক্ৰমণ বৃদ্ধি
১০ মে'ত আৰম্ভ হ'বলগীয়া শ্ৰীহেমকুন্ত চাহিব যাত্ৰা ভাৰতত ক’ভিড-19 ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে স্থগিত ৰখা হৈছে ৷ বিগত বৰ্ষত মহামাৰীৰ বাবেই 3 মাহ পলমকৈ হৈছিল এই যাত্ৰা ৷
ক’ভিড-19 ৰ ভয়াৱহতাৰ বাবেই স্থগিত হ’ল শ্ৰী হেমকুন্ত চাহিব যাত্ৰা
শ্ৰীহেমকুন্ত চাহিব পৰিচালনা কমিটিৰ উপাধ্যক্ষ নৰেন্দ্ৰজিৎ সিং বিন্দ্ৰাই কয় যে, যোৱা বছৰ মহামাৰীৰ বাবেই তিনি মাহ পলমকৈ আৰম্ভ হৈছিল যাত্ৰা । এই হেমকুণ্ড চাহিব গুৰুদ্বাৰ উত্তৰাখণ্ডৰ চামোলি জিলাৰ 4,329 মিটাৰ উচ্চতাত অৱস্থিত । এই তীৰ্থস্থানখন দশম শিখ গুৰু শ্ৰীগুৰু গোবিন্দ সিং জী (1666-1708)ৰ বাবে উৎসৰ্গিত বুলি জনা যায় ৷
লগতে পঢ়ক:পশ্চিমবংগৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচন: আৰম্ভ হৈছে ভোটগ্ৰহণ