বিগত কেইবছৰমানৰ পৰা ক্ৰমান্বয়ে জনপ্ৰিয়তা লাভ কৰা ড্ৰেগন ফ্ৰুট বা ড্ৰেগন ফলক লৈ এতিয়াও বিভ্ৰান্তি অব্যাহত আছে । ড্ৰেগনৰ দৰে দেখাৰ বাবে এই ফলক ড্ৰেগন ফল বুলি কোৱা হয়(Dragon fruit for Diabetics)।
ভাৰতত ড্ৰেগন ফ্ৰুট নামেৰে পৰিচিত এইবিধ ফলক বিশ্বৰ বহু ঠাইত কেকটাছ ফ্ৰুট আৰু ষ্ট্ৰবেৰী নাচপতি বুলিও জনা যায় । ইয়াৰ সোৱাদ মিঠা । কিন্তু এই ফলটোৱ সতেজ হ’লে আৰু অধিক আনন্দ দিয়ে । সাধাৰণ ফলৰ পৰা আৰম্ভ কৰি মকটেলত যোগ কৰালৈকে, ড্ৰেগন ফ্ৰুট পুষ্টিকৰ উপাদানৰে ভৰপূৰ, যিয়ে ইয়াক এটা ভালৰ শাৰীত ৰাখে(dragon fruit ok for diabetes) । মিঠা ফল হোৱাৰ বাবে ডায়েবেটিছ ৰোগীয়ে ইয়াক খোৱাৰ পূৰ্বে বহুবাৰ চিন্তা কৰে । ডায়েবেটিছ ৰোগীৰ বাবে ড্ৰেগন ফ্ৰুট ভাল হয় নে নহয় এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক(Dragon fruit for health) ৷
ডায়েবেটিছ ৰোগীৰ বাবে ড্ৰেগন ফ্ৰুট ভাল নে ?
এন্টিঅক্সিডেন্ট, ফাইটোনিউট্ৰিয়েণ্ট, ভিটামিন আৰু মিনাৰেল আদি গুণেৰে সমৃদ্ধ ফল ড্ৰেগন ফ্ৰুট(dragon fruit good for diabetics) । এই আটাইবোৰে আপোনাৰ স্বাস্থ্যৰ বাবে আচৰিত কাম কৰিব পাৰে । ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে আপোনাৰ ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে ।
ড্ৰেগন ফলক কম গ্লাইচেমিক সূচকাংকৰ ফল বুলি গণ্য কৰা হয় । বিশেষজ্ঞসকলৰ মতে ইয়াৰ জি আই ৪৮-৫২ৰ ভিতৰত কম, গতিকে ইয়াক সীমিত পৰিমাণে গ্ৰহণ কৰিলে ব্লাড চুগাৰ মাত্ৰা নিয়ন্ত্ৰণত সহায়ক হয় । এটা অধ্যয়নত এইটোও দেখা গৈছে যে, ড্ৰেগন ফ্ৰুটে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে আৰু আপোনাৰ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰে ।
ডায়েবেটিছ ৰোগীয়ে কিমান ড্ৰেগন ফ্ৰুট খাব লাগে ?
১০০ গ্ৰাম ফল খালে ৬০ কেলৰি শক্তি পোৱা যায়(dragon fruit good for diabetics) । ডায়েবেটিছ ৰোগত আক্ৰান্ত ব্যক্তি এজনে প্ৰতিদিনে ১০০ গ্ৰামতকৈ অধিক ড্ৰেগন ফ্ৰুট সেৱন কৰিব নোৱাৰে । ইয়াৰ ফলত তেজৰ চেনিৰ বৃদ্ধি হ্ৰাস পাব আৰু ওজন হ্ৰাস কৰাত সহায়ক হ’ব । আনহাতে যদি ইয়াক আন ফলৰ লগত সেৱন কৰা হয়, তেন্তে প্ৰায় ৫০ গ্ৰাম সেৱন কৰিব পাৰি(is dragon fruit good for diabetes type 2) ।
ডায়েবেটিছ ৰোগীৰ বাবে ড্ৰেগন ফ্ৰুটৰ কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া আছেনে ?
সাধাৰণ গৱেষণাৰ পৰা দেখা গৈছে যে, ড্ৰেগন ফ্ৰুট খোৱা লোকৰ কোনো পাৰ্শ্বক্ৰিয়া নাই । কিন্তু কাৰোবাৰ যদি ফলৰ প্ৰতি এলাৰ্জী হয় তেন্তে জিভা ফুলা, জিভা জ্বলা বা খজুৱতি আদি লক্ষণ দেখা দিব পাৰে । আন্ত্ৰিক স্বাস্থ্য উন্নত কৰাৰ বাবেও ড্ৰেগন ফল অতি উত্তম । ইয়াৰ উপৰিও ইয়াত ওমেগা-৩ ফেটি এচিড থাকে, যাৰ বাবে ই হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ খাদ্যৰ এক উত্তম সংযোজন । ড্ৰেগন ফ্ৰুট খোৱাৰ উপকাৰিতা ইয়াতেই শেষ নহয় । যিহেতু ইয়াত ওমেগা-৩ আৰু অন্যান্য পুষ্টিকৰ উপাদান বেছি থাকে, গতিকে ই আপোনাৰ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে আৰু চৰ্বিৰ লগত জড়িত ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ।
ড্ৰেগন ফ্ৰুট কেনেকৈ খাব লাগে
ড্ৰেগন ফ্ৰুট খোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল সতেজকৈ খোৱা । অৱশ্যে এই মিঠা গোলাপী ৰঙৰ আনন্দৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব পৰা কেইটামান ৰেচিপি আছে । ড্ৰেগন ফ্ৰুটৰ ৰস আৰু স্মুদিও চেষ্টা কৰিব পাৰে । কাষ্টাৰ্ডৰ সৈতেও দিব পাৰে বা পুডিং বনাব পাৰে । লগতে তিয়ঁহ, বিলাহী আৰু অন্যান্য ডায়েবেটিছ অনুকূল শাক-পাচলিৰে ভৰা চালাডত দিব পাৰে ।
লগতে পঢ়ক:Hair Drying Tips: ব্ল’ ড্ৰায়াৰ ব্যৱহাৰ কৰাটো চুলিৰ বাবে ক্ষতিকাৰক, এই পদ্ধতিৰে শুকুৱাওক চুলি