নিউজ ডেস্ক, ১০ অক্টোবৰ :জম্মু-কাশ্মীৰত অব্যাহত আছে সেনা-আৰক্ষীৰ সন্ত্ৰাসবাদীবিৰোধী অভিযান । সেনাৰ ৪৪ ৰাষ্ট্ৰীয় ৰাইফলছ, চিআৰপিএফৰ ১৭৮ বেটেলিয়ন আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সোমবাৰে মাজনিশা সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান চলায় । সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছত শ্বপিয়ানৰ আলাছিপোৰা ইমাম চাহিব অঞ্চল ঘেৰাও কৰে সেনা আৰু আৰক্ষীৰ যৌথ বাহিনীয়ে ।
ইয়াৰ পিছত অঞ্চলটোত অভিযান আৰম্ভ হয় । সেই সময়ত এটা বাসগৃহত লুকাই থকা সন্ত্ৰাসবাদীয়ে অতৰ্কিতে সুৰক্ষা বাহিনীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে । প্ৰত্যুত্তৰত সুৰক্ষা বাহিনীয়েও গুলীচালনা কৰে । ইয়াৰ পিছতে এনকাউণ্টাৰ আৰম্ভ হয় । সন্ত্ৰাসবাদী আৰু সুৰক্ষা কৰ্মীৰ এই সংঘৰ্ষ ওৰে নিশা অব্যাহত থকাৰ লগতে পুৱালৈকে চলি থাকে । এই এনকাউণ্টাৰত দুই সন্ত্ৰাসবাদী নিহত হয় । পিছত নিহত সন্ত্ৰাসবাদী দুটাক মাৰিফাত মকবুল আৰু জাজাম ফাৰুক বুলি চিনাক্ত কৰা হয় । দুয়োজন স্থানীয় সন্ত্ৰাসবাদী বুলি সূত্ৰত প্ৰকাশ ।
আনহাতে, কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে জনাইছে যে নিহত সন্ত্ৰাসবাদী দুটাক মৰিফাত মকবুল আৰু জাজিম ফাৰুক বুলি চিনাক্ত কৰা হৈছে । তেওঁলোকে লস্ক-ই-তৈবা সন্ত্ৰাসবাদী সংগঠনৰ বেনাৰত কাম কৰিছিল । উল্লেখ্য যে কাশ্মীৰী পণ্ডিত সঞ্জয় শৰ্মাৰ হত্যাকাণ্ডত জড়িত আছিল এই সন্ত্ৰাসবাদী দুটা ।