নেশ্যনেল ডেস্ক,9 এপ্ৰিল :বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি থকা গুলিবৰ্ষণত এটা সন্ত্ৰাসবাদীৰ ভায়েক আৰু ইমাম নামৰ এজন স্থানীয় লোকক মছজিদৰ ভিতৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে পূৰ্বৰে পৰা মছজিদৰ ভিতৰত লুকাই থকা সন্ত্ৰাসবাদীসকলক আত্মসমৰ্পণ কৰিবলৈ সন্ত্ৰাসবাদীৰ ভায়েক আৰু স্থানীয় লোকজনক প্ৰেৰিত কৰা বুলি জানিব পৰা গৈছে ৷
এক টুইটযোগে জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই কথা সদৰি কৰে । মছজিদটো বচাবলৈ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰখাৰ লগতে অনুসন্ধানো অব্যাহত ৰখা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
আনচাৰ গজৱত-উল-হিন্দ (এজিইউএইচ)ৰ সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বী মছজিদৰ ভিতৰত লুকাই আছে ৷ আনহাতে, শ্বোপিয়ান জিলাত চলি থকা সংঘৰ্ষত নিৰাপত্তাৰক্ষীয়ে তিনিটা অচিনাক্ত সন্ত্ৰাসবাদীক হত্যা কৰা বুলি আৰক্ষীয়ে সন্ধিয়াৰ ভাগত জানিবলৈ দিয়ে । কাশ্মীৰ জ’নৰ আৰক্ষীয়ে টুইটাৰযোগে এই তথ্য নিশ্চিত কৰে ৷
উল্লেখ্য় যে, জম্মু-কাশ্মীৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত তালাচী অভিযান আৰম্ভ কৰাৰ পাচতেই আবেলি গুলিচালনা আৰম্ভ হয় ।
লগতে পঢ়ক :সন্ত্ৰাসবাদৰ বিৰুদ্ধে ত্ৰিপুৰাত বিজেপিৰ 100 খন ৰাজহুৱা সভা