নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: সম্প্ৰতি দেশত আতিক আহমেদ আৰু আশ্ৰফৰ হত্যাক লৈ ব্যাপক চৰ্চা চলি আছে (Atiq Ahmed murder case)। নিশা প্ৰয়াগৰাজত আৰক্ষী আৰু সংবাদ মাধ্যমৰ সন্মুখতে দুয়োকে গুলীৰে ধৰাশায়ী কৰিছিল তিনি দুৰ্বৃত্তই । প্ৰায় ১৮ ৰাউণ্ড গুলীচালনা কৰিছিল তেওঁলোকৰ ওপৰত । তিনিও জন হত্যাকাৰী বেলেগ বেলেগ জিলাৰ পৰা আহিছিল । তেওঁলোকৰ হাতত আছিল জিগানা পিষ্টল । তুৰস্কত লাখ লাখ টকা খৰছ কৰি নিৰ্মাণ কৰি অনা এই জিগানা পিষ্টলেৰে আতিক আহমেদ আৰু আশ্ৰফক গুলীয়াই হত্যা কৰা হৈছিল (Atiq Ahmeds killers used Turkey made pistol)।
এই পিষ্টলৰ বিশেষত্ব হৈছে ইয়াত একেলগে ১৫ টা গুলী লোড কৰিব পাৰি (Zigana pistols used to kill Atiq Ahmed)। এনে পৰিস্থিতিত, এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, এই তিনিজন হত্যাকাৰীৰ নিজৰ ষড়যন্ত্ৰ আছিল নে তেওঁলোকক বিত্ত যোগান ধৰা মাষ্টাৰমাইণ্ড আন কোনোবা আছে । কাৰণ, তিনিওজন হত্যাকাৰীয়ে আতিক আৰু আশ্ৰাফক হত্যা কৰিবলৈ ৭ লাখ টকাৰ পিষ্টল ব্যৱহাৰ কৰিছে ।
উল্লেখ্য যে, আতিক আহমেদ আৰু আশ্ৰাফক হত্যা কৰিবলৈ ব্যৱহৃত পিষ্টলটো সাধাৰণ নাছিল । সেইকেইটা তুৰস্কত নিৰ্মাণ কৰা জিগানা পিষ্টল আছিল । কোৱা হয় যে, এই পিষ্টলবোৰ মালয়েছিয়া আৰু তুৰস্কত নিৰ্মাণ কৰা হয় । এই পিষ্টল ভাৰতত নিষিদ্ধ । ইয়াক অবৈধভাৱে ভাৰতলৈ অনা হয় আৰু ৭ লাখ টকা পৰ্যন্ত দামক বিক্ৰী কৰা হয় । জিগানা পিষ্টলৰ বিশেষত্ব হৈছে ইয়াত এবাৰত ১৫ টা গুলী ভৰ্তি কৰিব পাৰি । যাৰ বাবে শ্বুটাৰসকলে আতিক আহমেদ আৰু আশ্ৰাফৰ ওপৰত ধাৰাবাহিক গুলীচালনা কৰিবলৈ সক্ষম হৈছিল ।