নেশ্যনেল ডেস্ক,১১ নৱেম্বৰ :আপুনি ৰে'লৰে যাত্ৰা কৰি আছে নেকি ? ৰে'লত যাত্ৰা কৰা সময়ত আপোনাৰ বেগ অথবা সকলো সামগ্ৰী ভালদৰে ৰাখিব । কাৰণ ৰে'লত প্ৰায়ে চোৰৰ উপদ্ৰৱ চলা দেখা যায় । অৱশ্যে বাকী সামগ্ৰীৰ লগতে আপোনাৰ চেণ্ডেল বা জোতাযোৰও ভালদৰে ৰাখক । কাৰণ আপোনাৰ জোতা বা চেণ্ডেলৰ ওপৰতো চোৰৰ নজৰ থাকে (Shoe thieves in trains in Bihar)। আপোনাৰ অকণমান অসাৱধানতাৰ বাবে ৰে'লৰ পৰা খালী ভৰিৰে নামিব লাগিব পাৰে ।
বিহাৰৰ এগৰাকী যাত্ৰীৰ লগতো অনুৰূপ ঘটনা সংঘটিত হৈছে । অৱশ্যে জোতা চোৰৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বিহাৰৰ যাত্ৰীগৰাকীয়ে (FIR against shoe thieves)। যাত্ৰীগৰাকী হৈছে বিহাৰৰ সীতামাঢ়ীৰ বাসিন্দা ৰাহুল কুমাৰ ঝা । ৰাহুল ঝাই ৰে'লৰে যাত্ৰা কৰি থকাৰ সময়তে তেওঁৰ জোতা চুৰি হয় (Shoe stolen in train in Muzaffarpur)। ঘটনা সন্দৰ্ভত ৰাহুলে দিয়া এজাহাৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
ৰাহুল কুমাৰ ঝাৰ অভিযোগৰ ভিত্তিত মুজাফ্ফৰপুৰ ৰে'ল আৰক্ষী থানাত জোতা চুৰিৰ এক গোচৰ ৰুজু কৰা হৈছে । তেওঁৰ অভিযোগৰ ভিত্তিত, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰি জোতা চুৰিৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।