অসম

assam

Child death after sexual abuse: যৌন উৎপীড়নৰ পিছত 2 বছৰীয়া শিশুৰ মৃত্যু

মিজোৰামত জঘন্য ঘটনা সংঘটিত হৈছে (Shocking Mizoram case )৷ যৌন উৎপীড়নৰ পিছতে কণ্ঠনলীত সংক্ৰমন হৈ এটি দুবছৰীয়া শিশু মৃত্যুমুখত পৰে(2 year old child death after sexual abuse)৷ এই গোচৰৰ ভিত্তিত যোৱা 1 অক্টোবৰত শিশুটোৰ পিতৃক আৰু তাৰ দুদিনৰ পিছতেই অৰ্থাৎ 3 অক্টোবৰত মাতৃক গ্ৰেপ্তাৰ কৰা হয় ৷

By

Published : Oct 29, 2022, 9:42 PM IST

Published : Oct 29, 2022, 9:42 PM IST

Shocking Mizoram case of 2 year old death after sexual abuse: Accused parents to undergo lie detector test
Child death after sexual abuse: যৌন উৎপীড়নৰ পিছত 2 বছৰীয়া শিশুৰ মৃত্যু, পিতৃ-মাতৃক লাই-ডিটেক্টৰ পৰীক্ষা

নেশ্যনেল ডেস্ক, 29 অক্টোবৰ: মিজোৰামত জঘন্য ঘটনা সংঘটিত হৈছে (Shocking Mizoram case )৷ যৌন উৎপীড়নৰ পিছতে কণ্ঠনলীত সংক্ৰমন হৈ এটি দুবছৰীয়া শিশু মৃত্যুমুখত পৰে(2 year old child death after sexual abuse)৷ এতিয়া এই ঘটনাই সমগ্ৰ ৰাজ্যখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘটনা অনুসৰি যেৱা 16 ছেপ্টেম্বৰত আইজলৰ এখন ব্যক্তিগত চিকিৎসালয়ত কণ্ঠনলীত সংক্ৰমণ (এএলটিবি)হোৱাৰ ফলত এটি দুবছৰীয়া কন্যা শিশু মৃত্যুমুখত পৰিছিল (2 year child passed away)৷ প্ৰথমে এই ঘটনা সাধাৰণ মৃত্যু যেন লাগিছিল যদিও পৰৱৰ্তী স্বাস্থ্যৰ পৰীক্ষাৰ ৰিপ'ৰ্টে প্ৰকৃত তথ্য পোহৰলৈ আনে ৷ স্বাস্থ্য পৰীক্ষাৰ ৰিপ'ৰ্ট অনুসৰি মৃত্যুৰ আগতে শিশুটোক যৌন নিৰ্যাতন চলোৱা হৈছিল ৷ ফৰেনছিক বিভাগৰ ৰিপ'ৰ্টত শিশুটোৰ গুপ্তাংগত অস্বাভাৱিক চিহ্ন পৰিলক্ষিত হোৱা বুলি উল্লেখ কৰা হৈছে ৷

এই জঘন্য খবৰ পোহৰলৈ অহাৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষই মিজোৰাম আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ আৰক্ষীয়ে এই গোচৰৰ ভিত্তিত যোৱা 1 অক্টোবৰত শিশুটোৰ পিতৃক আৰু তাৰ দুদিনৰ পিছতেই অৰ্থাৎ 3 অক্টোবৰত মাতৃক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি , শিশুটোক যৌন নিৰ্যাতন চলোৱাৰ আঁৰত শিশুটোৰ পিতৃ-মাতৃৰ হাত থকাটো সন্দেহজনক ৷ মিজোৰামৰ আৰক্ষী মহাপৰিদৰ্শক (মুখ্য কাৰ্যালয়) জন নেইহলাইয়াই এই ঘটনা সন্দৰ্ভত কয় যে আৰক্ষীয়ে পৰৱৰ্তী তদন্তৰ লগতে ঘটনাৰ আঁৰৰ অপৰাধীটোক আটক কৰাৰ সুবিধাৰ্থে পিতৃ-মাতৃক লাই-ডিটেক্টৰত পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছে (Accused parents to undergo lie detector test )৷ লগতে কয়,"আমি অনুসন্ধানত পলিগ্ৰাফ বা লাই-ডিটেক্টৰ টেষ্ট ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছো ৷ ইতিমধ্যে শিশুটোৰ পিতৃ-মাতৃয়ে এই পৰীক্ষাৰ বাবে সন্মতি দিছে ৷ লাই-ডিটেক্টৰ পৰীক্ষাৰ বাবে অভিযুক্ত পিতৃ-মাতৃক চণ্ডীগড়লৈ লৈ যোৱা হ’ব ৷ যিহেতু মিজোৰামত লাই-ডিটেক্টৰ টেষ্ট কৰিব পৰাকৈ উপযুক্ত সজুঁলি মজুত নাই ৷"

এই ঘটনা সন্দৰ্ভত মিজোৰামৰ আৰক্ষী উপ-মহাপৰিদৰ্শক লালবিয়াখান্তা খিয়াংটে কয় এইটো ৰাজ্যখনত প্ৰথমটো লাই-ডিটেক্টৰ টেষ্টৰ ঘটনা হ’ব ৷ বৰ্তমান দুয়ো অভিযুক্ত ন্যায়িক জিম্মাত আছে ৷ আৰক্ষীয়ে ইতিমধ্যে ন্যায়ালয়ৰ পৰা লাই-ডিটেক্টৰ টেষ্টৰ বাবে অনুমতি বিচাৰিছে ৷

উল্লেখ্য যে ব্যক্তিগত চিকিৎসালয়ৰ পৰা পোৱা তথ্য আৰু শিশুটোৰ শৰীৰৰ চিহ্নৰ পিথত আৰক্ষীয়ে ২০ ছেপ্টেম্বৰত যৌন অপৰাধৰ পৰা শিশু প্ৰতিৰোধ (পকচো) আইনৰ ধাৰাৰ অধীনত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছিল ৷ শিশুটোৰ শৰীৰীত থকা চিহ্ন তথা স্বাস্থ্য পৰীক্ষাৰ ৰিপোৰ্টে শিশুটো যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিছে বুলি সদৰী কৰে ৷

লগতে পঢ়ক:Drugs seized in Dima Hasao: ডিমা হাছাওত ড্ৰাগছসহ 5 যুৱকক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details