নেশ্যনেল ডেস্ক,৪ জুলাই :শেহতীয়া দিনবোৰত মহাৰাষ্ট্ৰৰ ৰাজনীতি উত্তপ্ত হৈ থকা দেখা গৈছে । কেতিয়াবা যদি এনচিপিৰ মাজত বিদ্ৰোহ, কেতিয়াবা আকৌ শিৱসেনাৰ দুই বিভক্ত গোটৰ মাজত সংঘাত । এইবাৰ শিৱসেনা (উদ্ধৱ ঠাকৰে) দলৰ বিধায়ক সুনীল প্ৰভুৱে শিৱসেনাৰ একনাথ সিন্দে গোটৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বিশেষ আবেদন দাখিল কৰে । আবেদনৰ জৰিয়তে একনাথ সিন্দেৰ নেতৃত্বত বিদ্ৰোহী শিৱসেনাৰ বিধায়কসকলৰ বিৰুদ্ধে অযোগ্যতাৰ আবেদনৰ ওপৰত সিদ্ধান্ত ত্বৰান্বিত কৰিবলৈ মহাৰাষ্ট্ৰ বিধান সভাৰ অধ্যক্ষ ৰাহুল নাৰৱেকাৰক নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ত তেওঁ আবেদন জনায় ।
এনচিপি নেতা অজিত পাৱাৰ আৰু আন ৮ জনক একনাথ সিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰত অন্তৰ্ভুক্ত কৰাৰ পাছতে এই আবেদন কৰিছে উদ্ধৱ ঠাকৰে শিবিৰৰ বিধায়কগৰাকীয়ে । আবেদনখনত বিধায়ক সুনীল প্ৰভুৱে কয় যে অধ্যক্ষই মহাৰাষ্ট্ৰ বিধান সভাৰ অপৰাধী সদস্যসকলৰ বিৰুদ্ধে আবেদনকাৰীয়ে দাখিল কৰা অযোগ্যতাৰ আবেদনৰ সিদ্ধান্ত লোৱাত ব্যৰ্থ হৈছে । বৰ্তমানৰ অধ্যক্ষৰ নিষ্ক্ৰিয়তাৰ দ্বাৰা স্পষ্টভাৱে অসন্তুষ্ট হোৱাৰ কথাও আবেদনত উল্লেখ কৰা হৈছে ।
আবেদনখনত কোৱা হৈছে বৰ্তমানৰ অধ্যক্ষগৰাকীয়ে সংবিধান অনুসৰি নিৰপেক্ষ আৰু পক্ষপাতহীনভাৱে কাম কৰাত ব্যৰ্থ হৈছে । কেৱল অধ্যক্ষৰ নিষ্ক্ৰিয়তাৰ বাবে দশম অনুসূচীৰ ব্যৱস্থাসমূহ যাতে বাতিল নহয় তাৰ বাবে শীৰ্ষ ন্যায়ালয়ে উপযুক্ত নিৰ্দেশনা জাৰী কৰাটো সাংবিধানিকভাৱে অপৰিহাৰ্য বুলিও ইয়াত উল্লেখ কৰা হয় ।