নিউজ ডেস্ক, 25 জুন :মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকলক দমন কৰি দলটোক শক্তিশালী কৰাৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে একনাথ সিন্দেৰ নেতৃত্বত বিদ্ৰোহ কৰি গুৱাহাটীত আশ্ৰয় লোৱা শিৱসেনাৰ ১৬ জন বিধায়কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে ৷ তেওঁ এই বিধায়ককেইজনক অযোগ্য ঘোষণা কৰাৰ বাবে জাননী জাৰি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীৰ এই পদক্ষেপে একনাথ সিন্দেৰ নেতৃত্বাধীন বিসম্বাদী গোটক মোক্ষম আঘাত হানিব বুলি ধাৰণা কৰা হৈছে ৷
শিৱসেনাৰ হৈ প্ৰতোদ সুনীল প্ৰভুৱে একনাথ সিন্দেৰ গোটৰ ১৬ জন বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল । শিৱসেনাৰ প্ৰতিনিধি দলটোৱে শুকুৰবাৰে বিয়লি বিধানসভাৰ উপাধ্যক্ষ নাৰহাৰী জীৰৱালক সাক্ষাৎ কৰি বিষয়টো আলোচনা কৰে । শুকুৰবাৰে আবেলি আইনসভাত আৰম্ভ হোৱা বৈঠকখন ছয় ঘণ্টা ধৰি চলিছিল । এই বৈঠকৰ পিছত, 16 জন সদস্যক অযোগ্য ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হয়(Shiv Sena to send notices to 16 rebels MLAs) ।
সুনীল প্ৰভুৱে বুধবাৰেও শিৱসেনা আইনসভাৰ সদস্যসকলৰ লগত এখন বৈঠক আহ্বান কৰিছিল । কিন্তু এই বৈঠকত বিদ্ৰোহী সদস্যসকল অনুপস্থিত আছিল । তাৰপাছতেই শিৱসেনাৰ নতুন গোটৰ নেতা অজয় চৌধুৰীয়ে নেতাকেইজনৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগ কৰাৰ বাবে অযোগ্য ঘোষণা কৰাৰ আহ্বান জনাই বিধানসভাৰ উপাধ্যক্ষলৈ লিখিত আবেদন দাখিল কৰিছিল । বিধানসভাৰ উপাধ্যক্ষই জাননী জাৰি কৰা ১৬ জন বিদ্ৰোহী বিধায়কে 48 ঘন্টাৰ ভিতৰত বিধানসভাৰ উপাধ্যক্ষৰ সন্মুখত তেওঁলোকৰ মতামত উপস্থাপন কৰিব লাগিব ।