অসম

assam

ETV Bharat / bharat

পশ্চিমবংগ বিধানসভা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব শিৱ সেনাই - 2021ৰ অসম বিধানসভা নিৰ্বাচন

দেওবাৰে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে ঘোষণা কৰা অনুসৰি শিৱসেনা প্ৰধান তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে হোৱা আলোচনাৰ অন্তত 2021 ৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত প্ৰতিদন্দিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিৱ সেনাই ৷

shiv-sena-to-contest-west-bengal-assembly-polls
2021 ৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব শিৱ সেনাইঃ সঞ্জয় ৰাৱাট

By

Published : Jan 17, 2021, 10:09 PM IST

নিউজ ডেস্ক,17 জানুৱাৰী: অসমৰ সমান্তৰালকৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ 2021ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰায় সমসাময়িক ভাৱে অনুষ্ঠিত হ'ব পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন ৷ যাৰ বাবে এতিয়া 2021 ৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত শাসনভাৰলৈ অহাৰ বাবে ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দল সমূহে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণকৌশল ৷ ইয়াৰ মাজতে দেওবাৰে আগন্তুক পশ্চিমবংগ বিধানসভা নিৰ্বাচনত শিৱ সেনা পাৰ্টিয়ে প্ৰাৰ্থী আগবঢ়াব বুলি ঘোষণা কৰিছে শিৱ সেনাৰ সাংসদ সঞ্জয় ৰাউটে ৷ মহাৰাষ্ট্ৰ্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱ সেনাই মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিতিত হোৱা দলীয় আলোচনাৰ অন্তত এই সিদ্ধান্তত উপনীত হোৱা বুলি প্ৰকাশ কৰিছে সাংসদ সঞ্জয় ৰাউটে ৷

উল্লেখ্য যে, 294 খন আসনৰ বাবে অনুষ্ঠিত হ'ব লগীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ শোচনীয় পৰাজয় নিশ্চিত বুলি মন্তব্য কৰিছে সাংসদ সঞ্জয় ৰাউটে ৷ টুইটাৰ যোগে সাংসদ গৰাকীয়ে উল্লেখ কৰিছে যে,2021 ৰ 30 মে' মমতা বেনাৰ্জীৰ শাসনৰ অন্ত পৰিব ৷ মন কৰিব লগীয়া যে,মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছক পৰাভূত কৰি শাসন ভাৰ লোৱাৰ বাবে ইতিমধ্যেই নিৰ্বাচনী ৰণকৌশৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ লগতে কংগ্ৰেছ আৰু মিত্ৰজোটৰ দল সমূহ ৷

লগতে পঢ়কঃ 2024 পৰ্যন্ত দেশত চলিব কৃষকৰ প্ৰতিবাদ : ৰাকেশ টিকেইত

For All Latest Updates

ABOUT THE AUTHOR

...view details