নেশ্যনেল ডেস্ক, ৪ মাৰ্চ: এইবাৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছক পূৰ্ণ সমৰ্থন আগবঢ়াৱ উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱ সেনাই । বৃহস্পতিবাৰে দলটোৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাৱতে কয় যে, আগন্তুক নিৰ্বাচনত পশ্চিমবংগৰ কোনো সমষ্টিতে শিৱ সেনাই প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ সিদ্ধান্ত লৈছে । টুইটযোগে তেওঁ কয় যে, শিৱ সেনাই পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত যুঁজ দিব নে নাই সেই বিষয়ে জানিবলৈ বহু লোকেই আগ্ৰহী ।
গতিকে দলৰ মুৰব্বী উদ্ধৱ থাকৰেৰ সৈতে এই বিষয়ত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য কৰিলে এইবাৰ নিৰ্বাচনী যুঁজ 'দিদি বনাম সকলো' অৰ্থাৎ ধন, সংবাদ মাধ্যম আৰু শক্তিৰে মমতা বেনাৰ্জীৰ বিৰুদ্ধে যুঁজ দিয়া পৰিলক্ষিত হৈছে বুলি ৰাৱতে টুইটত উল্লেখ কৰিছে । সেয়েহে, এইবাৰ শিৱ সেনাই পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।