অসম

assam

Maharashtra political crisis : গেৰুৱা বসন পিন্ধিব নেকি শিৱসেনাৰ ১১ বিধায়কে ?

মঙলবাৰে পুৱাই শিৱসেনাৰ ১১ গৰাকী বিধায়ক চুৰাটৰ এখন হোটেলত উপস্থিত হৈছে (11 Shiv Sena MLAs in Surat)। বিধায়কসকলৰ ভিতৰত মন্ত্ৰী একনাথ চিন্দেও আছে । বিধায়ক কেইগৰাকীয়ে বিজেপি দললৈ যোৱাৰ কুছকাৱাজ চলাইছে বুলি বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

By

Published : Jun 21, 2022, 12:33 PM IST

Published : Jun 21, 2022, 12:33 PM IST

Maharashtra political crisis
গেৰুৱা বসন পিন্ধিব নেকি শিৱসেনাৰ ১১ বিধায়কে

নেশ্যনেল ডেস্ক, ২১ জুন :মহাৰাষ্ট্ৰৰ শিৱসেনা চৰকাৰৰ সন্মুখত এটাৰ পাছত আন এটা সমস্যা (Maharashtra political crisis)। ৰাজ্যসভা নিৰ্বাচনত বিজেপিয়ে সৰ্বশ্ৰেষ্ঠ ফলাফল দেখুওৱাৰ পাছত এইবাৰ বিধান পৰিষদৰ নিৰ্বাচনটো মুখ থেকেচা খালে শিৱসেনা মহাজোঁট মহা বিকাশ আঘাদীয়ে (Maharashtra MLC election results 2022)। সোমবাৰে ঘোষণা হোৱা নিৰ্বাচনৰ ফলাফল অনুসৰি ১০ খন আসনৰ ভিতৰত পাঁচখন বিজেপিয়ে লাভ কৰে ।

আনহাতে শিৱসেনা আৰু এনচিপিয়ে ২খনকৈ আসন লাভ কৰে। মহাৰাষ্ট্ৰত শাসন চলায় থকা শিৱসেনা মহাজোঁটৰ এনে দুৰৱস্থা দেখি এতিয়া শংকিত শিৱসেনাৰ সমৰ্থকসকল । এয়াই নহয় আন এক বিপদ শিৱসেনাৰ সন্মুখত ।

এইবাৰ দলত খহনীয়া আৰম্ভ হোৱাৰ আশংকা কৰা হৈছে । কিয়নো মন্ত্ৰী একনাথ সিন্দেকে ধৰি শিৱসেনাৰ ১১ গৰাকী বিধায়ক সম্প্ৰতি চুৰাটৰ এখন হোটেলত উপস্থিত হৈছে (11 Shiv Sena MLAs in Surat)। সূত্ৰৰ মতে গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে বিধায়ক কেইগৰাকীয়ে । মুঠতে তেওঁলোকে যে বিজেপিমুখী হ'ব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

অৱশ্যে শিৱসেনাকে ধৰি মহা বিকাশ আঘাদীৰ মিত্ৰ দলৰ নেতাসকলে এই কথা অস্বীকাৰ কৰিছে । কিন্তু প্ৰশ্ন হ'ল শিৱসেনাৰ জ্যেষ্ঠ নেতা একনাথ সিন্দেকে ধৰি শিৱসেনাৰ ১১ গৰাকী বিধায়ক তেনেহ'লে কিহৰ বাবে মুম্বাই ত্যাগ কৰি চুৰাটৰ হোটেলত আশ্ৰয় লৈছে ।

ইফালে নিৰ্বাচনৰ ফলাফলৰ পাছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দলীয় অসন্তুষ্টিৰো অভিযোগ উত্থাপন হৈছে । মহা বিকাশ আঘাদীৰ মিত্ৰদল কংগ্ৰেছৰ নেতা তথা মন্ত্ৰী বালাচাহেব থোৰাটে কয় যে দলটোৱে আনক দোষ দিব নোৱাৰে কিয়নো নিজৰ বিধায়কসকলেই নিজৰ প্ৰাৰ্থীক ভোট দিয়া নাছিল ।

ইফালে বিজেপিৰ বিধানসভাত চাৰিগৰাকী মনোনীত ব্যক্তিক সহজে পৰিষদলৈ নিৰ্বাচিত কৰাৰ বাবে পৰ্যাপ্ত সংখ্যা আছিল যদিও পঞ্চম প্ৰাৰ্থী প্ৰসাদ লাডেও তেওঁৰ দলৰ বিধায়কৰ উপৰিও অন্যদলৰ বিধায়কসকলৰ পৰা সমৰ্থন লাভ কৰাৰ পিছত নিৰ্বাচনত জয়ী হৈছে ।

লগতে পঢ়ক :কংগ্ৰেছ-চিপিএমক ভোট দি অপচয় কৰাতকৈ তৃণমূলক ভোট দিয়াৰ আহ্বান অভিষেকৰ

ABOUT THE AUTHOR

...view details