অসম

assam

ETV Bharat / bharat

Sudhir Suri shot dead: শিৱসেনাৰ নেতা সুধীৰ চুৰীক গুলীয়াই হত্যা - leader Sudhir Suri killed

পঞ্জাৱৰ অমৃতসৰত শিৱসেনা তকচালীৰ মুৰব্বী সুধীৰ চুৰীক (Shiv Sena leader Sudhir Suri)গুলীয়াই হত্যা ৷ চুৰীয়ে গোপাল মন্দিৰৰ ওচৰত শিৱসেনাৰ নেতাসকলৰ সৈতে এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছিল ৷

Shiv Sena leader Sudhir Suri was shot dead
Sudhir Suri shot dead: শিৱসেনাৰ নেতা সুধীৰ চুৰীক গুলীয়াই হত্যা

By

Published : Nov 4, 2022, 6:22 PM IST

নেশ্যনেল ডেস্ক, 4 নৱেম্বৰ:পঞ্জাৱৰ অমৃতসৰত শিৱসেনাৰ নেতা সুধীৰ চুৰীক (Shiv Sena leader Sudhir Suri)গুলীয়াই হত্যা কৰা হৈছে ৷ শুকুৰবাৰে অমৃতসৰৰ সমীপৰ গোপাল মন্দিৰৰ মন্দিৰত সমীপত সংঘটিত হৈছে এই গুলীচলনাৰ ঘটনা (Shiv Sena leader Sudhir Suri shot dead)৷

Sudhir Suri shot dead: শিৱসেনাৰ নেতা সুধীৰ চুৰীক গুলীয়াই হত্যা

প্ৰাপ্ত তথ্য অনুসৰি শিৱসেনা তকচালীৰ মুৰব্বী সুধীৰ চুৰীয়ে গোপাল মন্দিৰৰ ওচৰত শিৱসেনাৰ নেতাসকলৰ সৈতে এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছিল ৷ এই কাৰ্যসুচীত হিন্দু নেতা কেইজনমানৰ লগত বাক বিতণ্ডাত লিপ্ত হয় শিৱসেনাৰ নেতাগৰাকী (Unknown assailant fired at Sudhir Suri) ৷ এই কাজিয়াৰ মাজতে সুধীৰলৈ লক্ষ্য কৰি এজন লোকে গুলীচালনা কৰে (leader Sudhir Suri killed) ৷ গুলীৰ শব্দ শুনি ঘটনাস্থলীত হুদা-দুৱা পৰিৱেশৰ সৃষ্টি হয় ৷

গুলীৰ আঘাতত থিতাতে ঠাইতে ঢলি পৰে নেতাগৰাকী ৷ লগে লগে দলীয় লোকসকলে তেওঁক চিকিৎসালয়লৈ লৈ যায় ৷ অৱশ্যে চিকিৎসালয় নৌপাওঁতেই ৰক্তক্ষৰণ হৈ মৃত্যুমুখত পৰে নেতাগৰাকী ৷

এই ঘটনাৰ পিছত উক্ত স্থানত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে। সুধীৰ চুৰীৰ হত্যাকাণ্ডৰ পিছত আৰক্ষী আয়ুক্ত অৰুণপাল সিঙে সংবাদ মাধ্যমক হত্যাৰ বিষয়ে অৱগত কৰে ৷ তেওঁ লগতে কয়- "আমি নিয়ন্ত্ৰণ কক্ষৰ পৰা প্ৰায় ৪ বজাৰ ভিতৰত এটা ফোন কল পাইছিলো যে শিৱসেনাৰ নেতা সুধীৰ চুৰি গুলীবিদ্ধ হৈছে । তেওঁক অমৃতসৰৰ স্কট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁ মৃত্যুৰ ওচৰত হাৰ মানে ।"

লগে লগে আৰক্ষীয়ে চিচিটিভি ফুটেজৰ সহায়ত হত্য়াকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে অপৰাধীটোৰ পৰা অস্ত্ৰও উদ্ধাৰ কৰিছে । ইফালে, আৰক্ষী আয়ুক্তগৰাকীয়ে অমৃতসৰৰ জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে ৷ আৰক্ষীয়ে এই হত্যাকাণ্ডৰ ওপৰত তদন্ত আৰম্ভ কৰিছে ৷ এই ঘটনাত জড়িত দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:Amid severe AQI: ভয়ংকৰ প্ৰদূষণ: 5 নৱেম্বৰৰ পৰা দিল্লীত সকলো প্ৰাথমিক বিদ্যালয় বন্ধ

ABOUT THE AUTHOR

...view details