নিউজ ডেস্ক, 4 জুলাই : এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে দেওবাৰে কয় যে, মহাৰাষ্ট্ৰত মধ্যৱৰ্তী নিৰ্বাচনৰ সম্ভাৱনা আছে, কিয়নো বিদ্ৰোহী শিৱসেনা নেতা একনাথ সিন্দেৰ নেতৃত্বত গঠিত চৰকাৰ অহা ছয় মাহত ভংগ হ’ব পাৰে (Shinde govt may collapse in next six months)। দেওবাৰে সন্ধিয়া এনচিপি বিধায়ক আৰু দলৰ আন নেতাসকলক সম্বোধন কৰি এই মন্তব্য কৰে এনচিপিৰ মুৰব্বীগৰাকীয়ে ।
বৈঠকত উপস্থিত থকা এনচিপিৰ এজন নেতাই পাৱাৰৰ উদ্ধৃতি দি কয়, "মহাৰাষ্ট্ৰত নৱগঠিত চৰকাৰখন অহা ছমাহত ভংগ হ’ব পাৰে ৷ সেয়েহে সকলোৱে মধ্যৱৰ্তী নিৰ্বাচনৰ বাবে সাজু থাকিব লাগে’’ । পাৱাৰে কয় যে, সিন্দেক সমৰ্থন কৰা বহু বিদ্ৰোহী বিধায়ক বৰ্তমানৰ ব্যৱস্থাত সুখী নহয়। মন্ত্ৰীৰ দপ্তৰ বিতৰণ হোৱাৰ পিছত তেওঁলোকৰ অস্থিৰতা ওলাই আহিব ৷ যাৰ ফলত অৱশেষত চৰকাৰৰ পতন ঘটিব (Shinde government in Maharashtra)।
পাৱাৰে এইটোও আঙুলিয়াই দিছিল যে, এই পৰীক্ষাৰ বিফলতাৰ ফলত কেইবাজনো বিদ্ৰোহী বিধায়ক তেওঁলোকৰ মূল দললৈ ঘূৰি আহিব । যদি হাতত মাত্ৰ ছমাহ থাকে, এনচিপিৰ বিধায়কসকলে তেওঁলোকৰ নিজ নিজ বিধানসভা সমষ্টিত অধিক সময় অতিবাহিত কৰা উচিত ।