অসম

assam

ETV Bharat / bharat

Controversy: মহাৰাষ্ট্ৰৰ ৰাজ্যপালক ৰাজ্যৰ পৰা বহিষ্কাৰৰ দাবী শিৱসেনাৰ বিধায়কৰ - BJP to remove Maharashtra governor

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীক ৰাজ্যৰ পৰা বহিস্কাৰৰ দাবী শিৱসেনাৰ একনাথ সিন্দে ফৈদৰ বিধায়কৰ (Shinde faction asks BJP to remove Maharashtra governor)৷ ছত্ৰপতি শিৱাজী মহাৰাজ সন্দৰ্ভত শেহতীয়াভাবে ৰাজ্যপালগৰাকীয়ে আগবঢ়াইছিল বিতৰ্কিত মন্তব্য ৷ এক অনুষ্ঠানত মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপকজনক "পুৰণি দিনৰ" আদৰ্শৰ প্ৰতিমূৰ্তি বুলি উল্লেখ কৰিছিল মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে (Chhatrapati Shivaji Maharaj was an icon of ’olden days’) ৷

shinde-faction-asks-bjp-to-remove-maharashtra-guv-over-shivaji-remark
Controversy: মহাৰাষ্ট্ৰৰ ৰাজ্যপালক ৰাজ্যৰ পৰা বহিষ্কাৰৰ দাবী শিৱসেনাৰ বিধায়কৰ

By

Published : Nov 21, 2022, 9:24 PM IST

নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ: মহাৰাষ্ট্ৰৰ ৰাজ্যপালক ৰাজ্যৰ পৰা বহিষ্কাৰৰ দাবী শিৱসেনাৰ বিধায়কৰ (Shinde faction asks BJP to remove Maharashtra governor)৷ এক আমোদজনক পৰিঘটনাত মুখ্যমন্ত্ৰী একনাথ সিন্দে ফৈদৰ শিৱসেনাৰ বিধায়ক সঞ্জয় গাইকৱাদে সোমবাৰে দাবী জনায় যে, মহাৰাষ্ট্ৰৰ ৰাজ্যপাল তথা আৰ এছ এছৰ প্ৰবীণ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি অহা ভগত সিং কোশিয়াৰীক ছত্ৰপতি শিৱাজী মহাৰাজ সন্দৰ্ভত আগবঢ়োৱা শেহতীয়া মন্তব্যৰ বাবে ৰাজ্যৰ বাহিৰলৈ স্থানান্তৰিত কৰা হওক (Governor Bhagat Singh Koshyari) ।

বুলধনা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা গাইকৱাদে দাবী কৰে যে কোশিয়াৰীয়ে মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপকজনৰ বিষয়ে বিগত সময়তো আপত্তিজনক বক্তব্য আগবঢ়ায় বিতৰ্কৰ সূচনা কৰিছিল বুলি (Shiv Sena MLA Sanjay Gaikwad) ৷ শিৱাজী মহাৰাজৰ আদৰ্শ কেতিয়াও প্ৰাচীন হ'ব নোৱাৰে আৰু ছত্ৰপতি শিৱাজী সদায়ে অতুলনীয় এটি সত্বা বুলি ৰাজ্যপালগৰাকীয়ে জনাটো জৰুৰী বুলি (Chief Minister Eknath Shinde) গাইকৱাদে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । যিজন ব্যক্তিয়ে ৰাজ্যখনৰ ইতিহাস সন্দৰ্ভত অৱগত নহয় তেনে ব্যক্তিক আন ঠাইলৈ পঠিয়াই দিব লাগে বুলি কেন্দ্ৰৰ বিজেপি নেতাসকললৈ গাইকৱাদে আহ্বান জনায় ৷

ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰতা কৰি চৰকাৰৰ নেতৃত্ব দিয়া সিন্দে নেতৃত্বাধীন দলটোৰ বালাছাহেবংশী শিৱসেনা ফৈদৰ বিধায়ক হ'ল সিন্দে (Chief Minister Eknath Shinde) । ৰাজ্যখনৰ "আদৰ্শৰ প্ৰতিমূৰ্তি" প্ৰসংগত কবলৈ যাওঁতে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল কোশিয়াৰীয়ে শনিবাৰে ছত্ৰপতি শিৱাজী মহাৰাজক "পুৰণি দিনৰ" আদৰ্শৰ প্ৰতিমূৰ্তি বুলি উল্লেখ কৰিছিল(Chhatrapati Shivaji Maharaj was an icon of ’olden days’) ৷ একে সময়তে বাবা চাহেব আম্বেদকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ কথা উল্লেখ কৰি এনচিপি আৰু উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাৰ সমালোচনাৰ সন্মুখীন হৈছিল ৰাজ্যপাল কোশিয়াৰী ।

ঔৰংগাবাদত অনুষ্ঠিত এক অনুষ্ঠানত বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰী (Union minister Nitin Gadkari)আৰু এন চি পিৰ সভাপতি শাৰদ পাৱাৰক ডি.লিটৰ ডিগ্ৰী প্ৰদান অনুষ্ঠানৰ পাছতে ছত্ৰপতি শিৱাজী সন্দৰ্ভত আপত্তিকৰ মন্তব্য আগবঢ়ায় ৰাজ্যপালভগত সিং কোশিয়াৰীয়ে ।

লগতে পঢ়ক:Gujarat Assembly polls: 5 কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ

ABOUT THE AUTHOR

...view details