ছ’চিয়েল মিডিয়াত অতি জনপ্ৰিয় শ্বেহনাজ গীলে নিজৰ বিশেষ শৈলীৰ বাবে ছ’চিয়েল মিডিয়াত খুবেই জনপ্ৰিয় আৰু চৰ্চিত (Shehnaz Gill Diet plan) । বিগ বছ ১৩ত নিজৰ শিশু সুলভ স্বভাৱেৰে লাখ লাখ মানুহৰ হৃদয় জয় কৰা শ্বেহনাজৰ এতিয়া আৰু কোনো বিশেষ পৰিচয়ৰ প্ৰয়োজন নাই (What Shehnaaz Gill eats in a day)। বিগ বছ ১৩ত চাব্বী আৰু কিউট দেখা শ্বেহনাজ এতিয়া পূৰ্বৰ তুলনাত অধিক ফিট আৰু গ্লেমাৰাছ হৈ পৰিছে(How did Shehnaaz Gill lose weight) । যদি আপুনিও কেইমাহমানৰ ভিতৰত শ্বেহনাজৰ দৰে শৰীৰ বিচাৰে তেন্তে এই ডায়েট মানি চলিব পাৰে-
ঘৰতে ৰন্ধা খাদ্য খাওক
যেতিয়া শ্বেহনাজক সোধা হৈছিল যে, তেওঁ বিগবছৰ ঘৰৰ পৰা ওলাই অহাৰ লগে লগে কেনেকৈ ওজন কম কৰিলে ? তেতিয়া ইয়াৰ উত্তৰত শ্বেহনাজে কয় যে, তেওঁ আগতে দুপৰীয়া আৰু ৰাতিৰ আহাৰত ঘৰতে বনোৱা দালি খাইছিল । ইয়াৰ লগতে তেওঁ ৰুটি আৰু দালিৰ সৈতে বহুত শাক-পাচলি খাইছিল ।
হালধিৰ পানীৰে দিনটোৰ আৰম্ভণি
শ্বেহনাজক যেতিয়া সোধা হৈছিল, কি ধৰণেৰে তেওঁ দিনটোৰ আৰম্ভণি কৰে ? ইয়াৰ উত্তৰত তেওঁ কয় যে, প্ৰতিদিনে পুৱা তেওঁ কুহুমীয়া পানীত হালধি দি দিনটোৰ আৰম্ভণি কৰে । ইয়াৰ বাবে তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও অতি ভাল (Shehnaaz gill diet plan Assamese) । কেতিয়াবা তেওঁ আপেল চাইডাৰ ভিনেগাৰো হালধিৰ পানীত অন্তৰ্ভুক্ত কৰে । এই পানীয়ই তেওঁৰ ওজন কম কৰা চিক্ৰেট বুলি মন্তব্য কৰে । যাৰ বাবেই শ্বেহনাজে কম সময়ৰ ভিতৰতে ১২ কেজি পৰ্যন্ত ওজন কমা কৰিবলৈ সক্ষম হৈছিল ।
তীব্ৰ নহয়, সাধাৰণ ৱৰ্কআউট