আগৰতলা, ২২ জুন : লোকসভাৰ তৃণমূল কংগ্ৰেছৰ সাংসদ শত্ৰুঘ্ন সিনহাই মঙলবাৰে ত্ৰিপুৰাৰ বিজেপি চৰকাৰক 'জুমলেবাজীৰ চৰকাৰ' বুলি আখ্য়া দিয়ে (Shatrughan Sinha terms BJP govt as a government of jumlebaazi) । অহা ২৩ জুনত ত্ৰিপুৰাত ৪ খন বিধানসভাৰ আসনৰ বাবে অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷ তাৰ পূৰ্বে আগৰতলা প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি বলিউডৰ জনপ্ৰিয় অভিনেতা তথা তৃণমূল কংগ্ৰেছৰ সাংসদকৰাকীয়ে এইদৰে কয় ৷
তেওঁ কয় যে, ‘‘বিজেপি চৰকাৰে, ইয়াত ত্ৰিপুৰা আৰু দেশত, দেশক সামাজিক আৰু ধৰ্মীয় ৰেখাত বিভক্ত কৰি আছে । আমি ত্ৰিপুৰাক বিভক্ত হোৱাটো নিবিচাৰো (Bye poll in Tripura)’’। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ তেওঁ কয় যে, সৰ্বাধিক নিবনুৱা আছে ত্ৰিপুৰাত । গতিকে এই ভয়াৱহ ছবিখন সলনি কৰিব লাগিব ।