নিউজ ডেস্ক, ২২ অক্টোবৰ:কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশ ল’ব এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে (Sharad Pawar to participate in Bharat Jodo Yatra) ৷ ভাৰত জোড়ো যাত্ৰাকাৰী দলটো মহাৰাষ্ট্ৰৰ নান্দেদত প্ৰৱেশ কৰাৰ পিছত ৯ নৱেম্বৰত এই যাত্ৰাত অংশগ্ৰহণ কৰিব নেতাগৰাকীয়ে ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক চাৱনে শনিবাৰে সদৰী কৰে এই কথা(Senior Congress leader Ashok Chavan ) ৷
শিৱসেনাৰ(Uddhav Balasaheb Thackeray)ৰ মুৰব্বী উদ্ধৱ ঠাকৰেকো কংগ্ৰেছে ভাৰত যোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ কথা উল্লেখ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷ আদিত্য ঠাকৰেয়েও যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰে বুলি জানিবলৈ দিয়ে কংগ্ৰেছ নেতাগৰাকীয়ে । উল্লেখ্য যে, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ(Former president of congress Rahul Gandhi) নেতৃত্বত আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা ৭ নৱেম্বৰত নান্দেদ জিলাৰ পৰা মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিব ৷
ভাৰত জোড়ো দলটো জিলাখনত ৭ দিন থাকিব । এই দলটো ৰাজ্যখনত প্ৰৱেশ কৰা পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া এইচ কে পাটিল, প্ৰাক্তন মুখ্যমন্ত্ৰী অশোকৰাও চাৱন, কংগ্ৰেছ বিধায়িনী দলৰ নেতা বালাচাহেব থোৰাট আৰু মুম্বাই বিভাগীয় কংগ্ৰেছ কমিটীৰ সভাপতি বিধায়ক ভাই জগতাপ, কংগ্ৰেছ বিধান পৰিষদৰ গোটৰ নেতা বিধায়ক অমৰনাথ ৰাজুৰকাৰে মাতোশ্ৰীত উদ্ধৱ ঠাকৰেক সাক্ষাৎ কৰে ।