অসম

assam

ETV Bharat / bharat

Sharad Pawar resigns: নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদ ত্যাগ শৰদ পাৱাৰৰ

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ পৰা পদত্যাগ শৰদ পাৱাৰৰ (Sharad Pawar resigned) ৷ অৱশ্যে সৰদ পাৱাৰৰ এই সিদ্ধান্তত অসন্তুষ্ট দলটোৰ নেতাসকল ৷ শৰদ পাৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ জনাইছে দাবী ৷

Sharad Pawar resigns:
Sharad Pawar resigns:

By

Published : May 2, 2023, 4:23 PM IST

Updated : May 2, 2023, 5:02 PM IST

নিউজ ডেস্ক, 2 মে’: নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদৰ পৰা পদত্যাগ সৰদ পাৱাৰৰ (Nationalist Congress Party chief)৷ এক বিবৃতিযোগে দলটোৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় (Sharad Pawar), ‘‘মই এনচিপিৰ ৰাষ্ট্ৰীয় সভাপতিপদৰ পৰা পদত্যাগ কৰিছো ৷’’ সৰদ পাৱাৰৰ এই সিদ্ধান্তৰ পাচতেই এতিয়া দলটোৰ ভিতৰ চ’ৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ সৰদ পাৱাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে দলটোৰ কৰ্মীসকলে ৷

উল্লেখ্য যে, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতাক লৈ এখন সমিতি গঠন কৰিছে সৰদ পাৱাৰে ৷ এই সমিতিত আছে প্ৰফুল পেটেল, সুনীল তাটকাৰে, কে.কে. শৰ্মা, অজিত পাৱাৰ, জয়ন্ত পাটিল, সুপ্ৰিয়া চুলে, ছগন ভুজবল, দিলীপ ৱালছে-পাটিল, অনিল দেশমুখ, ৰাজেশ টোপে, ড৹ জিতেন্দ্ৰ আৱাদ, হাছান মুছৰিফৰ আদি (Sharad Pawar quits as NCP chief) ৷

এই সমিতিৰ আন আন সদস্যসকল হৈছে এনচিপিৰ মহিলা কংগ্ৰেছৰ সভাপতি ফৌজিয়া খান, এনচিপি যুৱ কংগ্ৰেছৰ সভাপতি ধীৰাজ শৰ্মা, এনচিপিৰ ছাত্ৰ কংগ্ৰেছৰ সভাপতি চনিয়া দুহান আদি ৷ এই সকলো সদস্যই দলটোৰ নতুন ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিব সিদ্ধান্ত ৷

দলটোৰ বহু সদস্যই সৰদ পাৱাৰৰ সিদ্ধান্তক আদৰণি জনাইছে যদিও এই সিদ্ধান্তত স্বাভাৱিকতেই আচৰিত হৈ পৰিছে ৷ লগতে সিদ্ধান্ত বাতিল কৰাৰ আহ্বান জনাইছে (NCP chief resigns) ৷

ইফালে, যদিহে সৰদ পাৱাৰে তেওঁৰ পদত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে তেন্তে দলটোৰ ৰাজ্যিক সভাপতি জয়ন্ত পাটিল, প্ৰফুল্ল পাটিল, ছগন ভুজবল আদি জ্যেষ্ঠ নেতাসকলে তেওঁলোকৰ পদৰ পৰা পদত্যাগ কৰাৰ ভাবুকি প্ৰদান কৰিছে ৷

মন কৰিবলগীয়া যে, 82 বছৰীয়া ৰাজনীতিক সদৰ পাৱাৰে ‘লোক মাঝে সংগতি - ৰাজনৈতিক আত্মজীৱনী’ শীৰ্ষক তেওঁৰ আত্মজীৱনীখন উদ্বোধন কৰাৰ পাচতেই দলটোৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ পৰা পদত্যাগ ঘোষণা কৰে (Sharad Pawar steps down as NCP chief) ৷

পদত্যাগৰ পাচত সৰদ পাৱাৰে কয়, ‘‘ মই সদায়ৰ দৰে আপোনালোক সকলোৰে বাবে উপলব্ধ হ’ম ৷ মই মানুহৰ সমস্যা সমাধানৰ বাবে 24 ঘণ্টাই কাম কৰি যাম ৷ মানুহৰ মৰম আৰু বিশ্বাস মোৰ উশাহ ৷ মই আপোনালোকৰ লগত আছিলো আৰু শেষ উশাহলৈকে থাকিম ৷’’

স্মৰ্তব্য যে, পাৱাৰে চাৰিটা কাৰ্যকালৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ৷ প্ৰসিদ্ধ ৰাজনীতিবিদগৰাকীয়ে পি ভি নৰসিংহ ৰাওৰ কেবিনেটত প্ৰতিৰক্ষা মন্ত্ৰী আৰু মনমোহন সিঙৰ কেবিনেটত কৃষি মন্ত্ৰী হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পৃথক হোৱাৰ পিচত তেওঁ 1999 চনত প্ৰতিষ্ঠা হোৱা নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি)ৰ প্ৰথম সভাপতি আছিল (Sharad Pawar news update) ৷

লগতে পঢ়ক:Karnataka Poll Manifesto of Congress : কৰ্ণাটকত বিনামূলীয়া বাছ যাত্ৰা, বিদ্যুতৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

Last Updated : May 2, 2023, 5:02 PM IST

ABOUT THE AUTHOR

...view details