নেশ্যনেল ডেস্ক, 13 আগষ্ট: নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) মুৰব্বী শাৰদ পাৱাৰে দেওবাৰে কয় যে পুনেত তেওঁৰ ভতিজা আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ সৈতে তেওঁৰ বৈঠক "গোপনীয়" নাছিল ৷ তেওঁ দৃঢ়তাৰে কয় যে তেওঁ কেতিয়াও বিজেপিৰ সৈতে হাত মিলাব নোৱাৰে ৷
তেওঁ কয় "এনচিপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাবে মই স্পষ্ট কৰি দিছো যে মোৰ দলে (এনচিপি) বিজেপিৰ সৈতে মিত্ৰতা নকৰে ৷ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে যিকোনো সম্পৰ্ক এনচিপিৰ ৰাজনৈতিক নীতিত খাপ খোৱা নাই ৷" পাৱাৰে লগতে প্ৰকাশ কৰে যে কিছুমান "শুভাকাংক্ষীয়ে" তেওঁক সৈমান কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু তেওঁ কেতিয়াও ভাৰতীয় জনতা পাৰ্টিৰ সৈতে হাত নিমিলাই ৷
কাৰো নাম উল্লেখ নকৰাকৈ তেওঁ কয় যে, "আমাৰ মাজৰ কিছুমানে (অজিত পাৱাৰ নেতৃত্বাধীন এনচিপি গোট) এক বেলেগ স্থিতি গ্ৰহণ কৰিছে ৷ আমাৰ কিছুমান শুভাকাংক্ষীয়ে আমাৰ স্থিতিত কোনো পৰিৱৰ্তন হ'ব পাৰে নেকি চাবলৈ চেষ্টা কৰি আছে ৷ সেয়েহে তেওঁলোকে আমাৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰিবলৈ চেষ্টা কৰি আছে ৷"
উল্লেখ্য যে, ৮২ বছৰীয়া শাৰদ পাৱাৰে অজিত পাৱাৰক সাক্ষাৎ কৰে ৷ মহাৰাষ্ট্ৰ এনচিপি (শাৰদ পাৱাৰ শিবিৰ)ৰ সভাপতি জয়ন্ত পাটিল আৰু ৰিয়েল-ইষ্টেট ডেভেলপাৰ অতুল কৰ্দিয়াও বৈঠকত উপস্থিত আছিল ৷
শাৰদ পাৱাৰে কয়, "অজিত পাৱাৰৰ সৈতে মোৰ সাক্ষাৎ গোপন নাছিল। তেওঁ মোৰ ভতিজা আৰু মই পৰিয়ালৰ জ্যেষ্ঠ সদস্য।" বিদ্ৰোহৰ পিছতে অজিত পাৱাৰেও দক্ষিণ মুম্বাইৰ যশৱন্তৰাও চাভান চেণ্টাৰত প্ৰাক্তন কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শাৰদ পাৱাৰৰ লগতে এতিয়া বৰ্খাস্ত হোৱা এনচিপি নেতা প্ৰফুল্ল পেটেল আৰু ছগন ভুজবল আৰু দিলীপ ৱালছ পাটিলকে ধৰি এনচিপিৰ আটাইকেইজন বিধায়কক সাক্ষাৎ কৰিছিল ৷
অজিত পাৱাৰ শনিবাৰে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী স্কোৱেৰত ফ্লাইঅভাৰৰ উদ্বোধনৰ বাবে পুনেত উপস্থিত আছিল ৷ আনহাতে শাৰদ পাৱাৰো বসন্তদাদা চুগাৰ প্ৰতিষ্ঠানৰ এখন সভাৰ বাবে পুনেত আছিল ৷ অজিত পাৱাৰে পুনেত তেওঁলোকৰ সভাৰ সময়ত আকৌ এবাৰ তেওঁৰ খুৰাকৰ আশীৰ্বাদ বিচাৰিছিল। সূত্ৰ অনুসৰি অজিত পাৱাৰে শাৰদ পাৱাৰক তেওঁৰ শিবিৰত যোগদান কৰিবলৈ কৈছিল, যিটো মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে সম্পূৰ্ণৰূপে নাকচ কৰিছিল ৷
লগতে পঢ়ক :Congress Bharose ka Sammelan: ছত্তীশগড়ত নিৰ্বাচনী ৰণশিঙা বজালে কংগ্ৰেছে; বিজেপিক তীব্ৰ সমালোচনা খাৰ্গেৰ