নেশ্যনেল ডেস্ক,৩ জুলাই : বিদ্ৰোহী অজিত পাৱাৰ আৰু নেতাসকলৰ ওপৰত শৰদ পাৱাৰৰ আশীৰ্বাদ আছে বুলি এক বিতৰ্ক আৰম্ভ হৈছে । বহুতে দাবী কৰা মতে এই বিদ্ৰোহ শৰদ পাৱাৰৰ নেতৃত্বতে হৈছে । কিন্তু এই সকলো অভিযোগ নস্যাৎ কৰে শৰদ পাৱাৰে । এনচিপিৰ মুৰব্বী পাৱাৰে কয় যে দলত্যাগ কৰা আৰু দেওবাৰে শপত গ্ৰহণ কৰা বিধায়কসকলৰ বিৰুদ্ধে দলটোৱে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব ।
সাটাৰাত এখন সংবাদমেল সম্বোধন কৰি শৰদ পাৱাৰে কয় যে তেওঁ এনচিপি শক্তিশালী কৰিবলৈ আৰু দলীয় কৰ্মীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ ৰাজ্যব্যাপী ভ্ৰমণ আৰম্ভ কৰিছে । কেইজনমান নেতাৰ কাৰ্যকলাপৰ দ্বাৰা তেওঁ বিচলিত নহয় । মন্ত্ৰীসভাত শপত গ্ৰহণ কৰা বিধায়কসকলৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা লোৱাৰ অধিকাৰ ৰাজ্যিক সভাপতি জয়ন্ত পাটিলৰ আছে বুলিও তেওঁ উল্লেখ কৰে ।
অজিত পাৱাৰৰ বিদ্ৰোহত তেওঁ সমৰ্থন আছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এইটো এটা অৰ্থপূৰ্ণ কথা । কেৱল তল খাপৰ চিন্তা কৰা লোকেহে তেনে কথা ক'ব পাৰে বুলি তেওঁ দাবী কৰে ।
তেওঁ লগতে কয় যে অজিত পাৱাৰ শিবিৰৰে বহুতে তেওঁক ফোন কৰিছিল আৰু কৈছিল যে তেওঁলোকৰ আদৰ্শ এনচিপিতকৈ পৃথক নহয় আৰু তেওঁলোকে অহা কেইদিনমানৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত ল'ব ।