মেষ ৰাশি : শুভ সময় ৷ ভূমি বা বাহন ক্ৰয় কৰাৰ বাবে শুভ যোগ ৷ শনিৰ এই পৰিবহনে মেষ ৰাশিৰ জাতক-জাতিকৰ আধৰুৱা হৈ থকা কাম-কাজবোৰ সম্পূৰ্ণ হ’ব ৷ ৰাজনীতিৰ সৈতে জড়িত লোকসকল উপকৃত হ'ব ৷ এই সময় চোৱাত নিজ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব ৷ নতুন চাকৰিৰ সুযোগ থাকিব ৷ শনিদেৱৰ এই পৰিবহন কালত জীৱনত শান্তি আৰু সুখ বৃদ্ধি হ’ব ৷ বৈবাহিক সমস্যাবোৰ আঁতৰ হ'ব ৷ আৰ্থিক স্থিতি উন্নত হ’ব ৷
বৃষ ৰাশি :বৃষ ৰাশিত শনিৰ এই পৰিবহনে জীৱনত সুখ-শান্তি আনিব ৷ লগতে ভ্ৰমণৰ যোগো আহিব ৷ একে সময়তে, চাকৰিয়াল সকলৰ পদোন্নতি হোৱাৰ সম্ভাৱনাও আছে ৷ বৃষ ৰাশিত শনিৰ পৰিবহনে এই ৰাশিৰ জাতক-জাতিকাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন ঘটিব ৷ এই সময়চোৱাত বৃষ ৰাশিৰ জাতক-জাতিকাই ৰোগ, ঋণ আৰু শত্ৰুৰ পৰা সকাহ পাব ৷ শনিৰ পৰিবহনে আত্মবিশ্বাস বৃদ্ধি কৰিব ৷ আৰ্থিক স্থিতি ভাল হ'ব ৷ প্ৰেমৰ সম্পৰ্ক দৃঢ় হ’ব ৷ বৈবাহিক জীৱনত দেখা দিয়া সমস্যাবোৰ আঁতৰ হ'ব ৷
মিথুন ৰাশি :মিথুন ৰাশিত শনিদেৱৰ উপস্থিতিয়ে মনোবাঞ্চা পূৰণ হোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ পৰাপক্ষত বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক ৷ পৰিয়ালত কিছু সমস্যাৰ উদ্ভৱ হ’ব পাৰে ৷ সাৱধানতা অৱলম্বন কৰক ৷ কামৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’ব ৷ ব্যয়ক নিয়ন্ত্ৰণ কৰক ৷
কৰ্কট ৰাশি :শত্ৰুৰ পৰা সাৱধান হওক ৷ আইনী বিবাদৰ পৰা সফলতা লাভ কৰিব ৷ উচ্চ কৰ্তৃপক্ষৰ সমৰ্থন পাব ৷ কৰ্মক্ষেত্ৰত বিবাদৰ সন্মুখীন হ'ব পাৰে ৷ শনিৰ এই পৰিবহন কালত কৰ্কট ৰাশিৰ লোকসকলৰ জীৱনত ভাল প্ৰভাৱ পৰিব ৷ পূৰ্বতে পৰিয়াল আৰু ব্যৱসায় সম্পৰ্কীয় আধৰুৱা কামবোৰ সম্পন্ন হ’ব আৰু সেইবোৰে এতিয়া ইতিবাচক ফলাফল লাভ কৰিব । অধ্যয়নত বাধা আহিব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷ প্ৰেম, বিবাহত অসুবিধাৰ সন্মুখীন হ'ব পাৰে ।
সিংহ ৰাশি : আইন সংক্ৰান্তীয় বিবাদৰ পৰা সকাহ পাব ৷ সিংহ ৰাশিত শনিদেৱৰ এই ভ্ৰমণে বক্ৰতাৰ সফল হ’ব ৷ সিংহ ৰাশিৰ জাতক-জাতিকাৰ স্বাস্থ্য সমস্যাৰ অন্ত পৰিব ৷ এই ৰাশিৰ পথত শনিদেৱ থাকিলে ৰোগ আৰু ঋণৰ ক্ষেত্ৰত সকাহ পাব ৷ অৱশ্যে বাহন চলাওঁতে সাৱধান হওক । ব্যৱসায়ত শুভ ৷ ব্যৱসায়ী আৰু চাকৰিয়াল সকলে উচিত সন্মান লাভ কৰিব । ব্যৱসায়ৰ দিশত আৰ্থিকভাৱে সাৱধান হ'ব আৰু সঠিক পৰামৰ্শ লোৱাৰ পিছতহে বিনিয়োগ কৰাৰ সিদ্ধান্ত ল'ব ৷ শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ হ’ব ৷
কন্যা ৰাশি : শনিদেৱৰ এই ভ্ৰমণৰ ফলত কন্যা ৰাশিৰ লোকসকলে মিশ্ৰিত ফলাফল লাভ কৰিব ৷ কিছু সমস্যা সন্মুখীনো হ'ব । ঘৰুৱা পৰিৱেশ আনন্দদায়ক আৰু শান্তিপূৰ্ণ হ'ব । পূৰ্বৰে পৰা চলি থকা সমস্যাৰ সমাধান হ'ব । কন্যা ৰাশিৰ জাতক-জাতিকাৰ মাতৃৰ স্বাস্থ্য উন্নত হ’ব ৷ বুদ্ধিমত্তাৰ দক্ষতাৰ সৈতে আগবাঢ়ি যাব ৷ অৱশ্যে কিছু বাধাৰ সন্মুখীন হ’ব পাৰে ৷ এই সময়চোৱাত শিক্ষাৰ্থীসকলে অধিক পৰিশ্ৰম কৰিব লাগিব, বিদেশত উচ্চ শিক্ষা অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এই সময়চোৱা কিছু শুভ হ’ব ৷ বাহন, নিৰ্মাণ কাৰ্য বা স্থায়ী সম্পত্তি ক্ৰয় আদিৰ যোগ । ব্যৱসায়ী তথা চাকৰিয়াল সকলৰ এই সময়খিনি কিছু মিশ্ৰিত হ'ব ৷ প্ৰেমৰ সম্পৰ্কত কিছু বাধা আহিব পাৰে ৷ প্ৰেমৰ সম্পৰ্কত বিবাদ, উত্তেজনা বৃদ্ধি হ'ব, পৰিস্থিতি অধিক অৱনতি হ'ব পাৰে । এক প্ৰকাৰে প্ৰেম বা বিবাহত বাধা আহিব পাৰে ৷ বিবাহৰ বাবে এই সময়চোৱা শুভ নহয় ৷ কন্যা ৰাশিৰ লোকসকলে প্ৰতিটো ক্ষেত্ৰতে সতৰ্ক আৰু সাৱধান হোৱা উচিত ।