অসম

assam

ETV Bharat / bharat

Amit Shah Manipur visit : গৃহমন্ত্ৰীয়ে ভ্ৰমণ কৰিব হিংসাজৰ্জৰ চুৰাচান্দপুৰ - Amit Shah to meet leader of Manipur

মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ লক্ষ্যৰে ৰাজ্যখনত উপস্থিত গৃহ মন্ত্ৰী (Amit Shah in Manipur)। হিংসাৰ কেন্দ্ৰস্থল চুৰাচান্দপুৰ ভ্ৰমণ কৰিব গৃহ মন্ত্ৰীয়ে । সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সৈতেও বৈঠক গৃহ মন্ত্ৰীৰ ।

Amit Shah Manipur visit
গৃহমন্ত্ৰী অমিত শ্বাহে ভ্ৰমণ কৰিব হিংসাজৰ্জৰ চুৰাচান্দপুৰ

By

Published : May 30, 2023, 2:43 PM IST

নেশ্যনেল ডেস্ক,৩০ মে':মণিপুৰত চলি সংঘৰ্ষক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ । যাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহ নিজে ৰাজ্যখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে (Amit Shah Manipur tour)। সোমবাৰে হিংসাজৰ্জৰ ৰাজ্যখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বিভিন্ন পক্ষৰ লগত বৈঠকত মিলিত হৈছে । মেইটেই আৰু কুকি সম্প্ৰদায়ৰ লোকসকলৰ মাজত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ সৈতে বৈঠকৰ আহ্বান কৰিছে । ইফালে সংঘৰ্ষৰ কেন্দ্ৰস্থল চুৰাচান্দপুৰ ভ্ৰমণৰো পৰিকল্পনা কৰিছে অমিত শ্বাহে ।

নিশা ইম্ফলত উপস্থিত হৈ অমিত শ্বাহে মুখ্যমন্ত্ৰী এন বীৰেন সিং, গৃহ সচিব, কেবিনেটৰ কেইবাগৰাকী সদস্য, চোৰাংচোৱা বিষয়া আৰু নিৰাপত্তাকৰ্মীৰ সৈতে বৈঠকত মিলিত হৈছে । সূত্ৰৰ মতে চলিত হিংসাৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ লগতে যোগান বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে ।

ইফালে গৃহ মন্ত্ৰীগৰাকীয়ে কুকি নেতা আৰু বিধায়কসকলৰ সৈতে আলোচনা কৰাৰো সম্ভাৱনা আছে (Amit Shah to meet leader of Manipur)। ইফালে শীৰ্ষ বিষয়া আৰু দলীয় নেতাৰ সৈতে গৃহ মন্ত্ৰী অমিত শ্বাহৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে । মৃতকৰ আত্মীয় লৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । লগতে ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও জোৰ দিয়া হৈছে ।

লক্ষণীয়ভাৱে কুকি সম্প্ৰদায়ে তেওঁলোকে বাস কৰা জিলাসমূহৰ বাবে পৃথক প্ৰশাসনৰ দাবী কৰি আহিছে । তেওঁলোকে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিবলৈও অনুৰোধ জনাইছে ।

উল্লেখ্য যে মণিপুৰত প্ৰায় এমাহ ধৰি জাতিগত সংঘৰ্ষ চলি আছে আৰু দেওবাৰে উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত হঠাতে পুনৰ সংঘৰ্ষ আৰু গুলীবৰ্ষণ হোৱা দেখা গৈছে । যাৰ ফলত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে । বিষয়াসকলে জনোৱা মতে যোৱা ৩ মে'ৰ পৰা চলি থকা সংঘৰ্ষত এতিয়ালৈ ৮০ ৰো অধিক লোকৰ মৃত্যু হৈছে । অৱশ্যে নিৰাপত্তা বাহিনীয়ে অহৰহ পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা হাতত লৈছে । শেহতীয়াকৈ বহু উগ্ৰপন্থীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ লগতে নিৰাপত্তা বাহিনীৰ গুলীত নিহতও হৈছে ।

লগতে পঢ়ক :Manipur Violence : খাৰ্গেৰ নেতৃত্বত কংগ্ৰেছ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিক

ABOUT THE AUTHOR

...view details