নেশ্যনেল ডেস্ক,৬ মাৰ্চ: নিৰ্বাচনৰ প্ৰাকক্ষণত সঘনে তামিলনাডু আৰু কেৰালালৈ অহা-যোৱা চলিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ । দেওবাৰে পুনৰ দুয়োখন ৰাজ্য ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত বিজেপি কৰ্মীসকলক উৎসাহিত কৰিব বুলি আশা ব্যক্ত কৰা হৈছে । দেওবাৰে তামিলনাডুত বিজয় সংকল্প মহাসম্পৰ্ক যাত্ৰাত অংশ ল'ব অমিত শ্বাহে ।
দলৰ এক সূত্ৰই জনোৱা মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে পুৱা ১০.২০ বজাত কন্যাকুমাৰীস্থিত ছুচিন্দ্ৰম মন্দিৰত সেৱা জনাব । পিছত ছুচিন্দ্ৰম চহৰত 'বিজয় সংকল্প মহাসম্পৰ্ক যাত্ৰা' উদ্বোধন কৰিব কৰিব মন্ত্ৰী শ্বাহে । এই অভিযানত দলৰ কৰ্মীসকলে ঘৰে ঘৰে গৈ জন সাধাৰণৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিষয়ে আলোচনা কৰিব আৰু বিজেপিৰ দৃষ্টিভংগী সম্পৰ্কে বুজাবলৈ প্ৰয়াস কৰিব ।