নেশ্যনেল ডেস্ক, ৪ মাৰ্চ :খালিস্তানী সমৰ্থক অসমলৈ অনাৰ পাছত বিভিন্ন মহলত প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে আলফা(স্বাঃ) আৰু শিখছ ফৰ জাষ্টিচৰ মাজত বিবৃতিৰ যুদ্ধ অব্যাহত আছে । পৰেশ বৰুৱাৰ সকীয়নিৰ উত্তৰ দি এইবাৰ আলফাক সকলো ধৰণে সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিলে শিখছ ফৰ জাষ্টিচ সংগঠনে ।
ধৃত খালিস্তানী সমৰ্থকক অসমৰ ডিব্ৰুগড় কাৰাগাৰলৈ স্থানান্তৰ কৰাৰ পাছৰে পৰা বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে (Khalistani in Assam Jail)। ইফালে এই সন্দৰ্ভত শিখছ ফৰ জাষ্টিচ নামৰ সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰাৰ লগে লগে বিষয়টোৱে অধিক চৰ্চা লাভ কৰিছে । শেহতীয়াকৈ শিখছ ফৰ জাষ্টিচ নামৰ সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰি কৈছিল যে, অসমত শিখসকলক বিভিন্ন ধৰণে অত্যাচাৰ চলোৱা হয় (SFJ threatening Assam CM)।
ডিব্ৰুগড় কাৰাগাৰত থকা খালিস্তানী সমৰ্থকসকলকো বিভিন্ন ধৰণে অত্যাচাৰ চলোৱা হৈছে বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰিছিল । লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এক বিবৃতি প্ৰকাশ কৰিছিল । বিবৃতিৰ জৰিয়তে আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ অসম আৰু অসমীয়া সম্পৰ্কে ভুল ধাৰণা থকা বুলি শিখছ ফৰ জাষ্টিচক সকীয়াই দিছিল ।
মুখ্যমন্ত্ৰীলৈ খালিস্তানী নেতাৰ ভাবুকি দুৰ্ভাগ্যজনক বুলিও কৈছিল পৰেশ বৰুৱাই (ULFA reacts over SFJ threatening)। আনহাতে শিখসকলৰ বাবে অসমে কৰা বিভিন্ন পদক্ষেপৰো উদাহৰণ দাঙি ধৰিছিল পৰেশ বৰুৱাই । পৰেশ বৰুৱাৰ এই বিবৃতিৰ পাছতে শিখছ ফৰ জাষ্টিচ নামৰ সংগঠনটোৱে পুনৰ এবাৰ বিবৃতি প্ৰকাশ কৰিছে । এইবাৰ সংগঠনটোৱে আলফা(স্বাঃ)ক সকলো ফালৰ পৰা সহায় কৰাৰহে আশ্বাস প্ৰদান কৰিছে ।