অসম

assam

ETV Bharat / bharat

উত্তৰাখণ্ডৰ বিজেপি বিধায়ক মহেশ নেগীক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ - ডেৰাডুন থানা

যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত উত্তৰাখণ্ডৰ বিজেপি বিধায়ক মহেশ নেগীক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ৷ যোৱা 6 চেপ্তেম্বৰত ডেৰাডুন থানাত এগৰাকী মহিলাই ৰুজু কৰিছিল গোচৰ ৷

Sexual harassment case
Sexual harassment case

By

Published : Dec 24, 2020, 1:57 PM IST

নেশ্যনেল ডেস্ক :উত্তৰাখণ্ড ন্যায়ালয়ে যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিজেপি বিধায়ক মহেশ নেগীক 24 ডিচেম্বৰৰ ভিতৰত আদালত উপস্থিত হোৱাৰ লগতে ডিএনএ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে ৷ মুখ্য ন্যায়িক দণ্ডাধীশ বিবেক শ্ৰীবাস্তৱে এই নিৰ্দেশ দি কয় যে, অভিযুক্ত মহেশ নেগী বৃহস্পতিবাৰে 11 বজাৰ ভিতৰত আদালতত উপস্থিত হ’ব লাগিব ৷ চিকিৎসকৰ এটি দলকো তাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

যোৱা 6 চেপ্তেম্বৰত ডেৰাডুন থানাত গোচৰ ৰুজু কৰিছিল এই ঘটনাৰ ভুক্তভোগীয়ে ৷ আৰক্ষীক ভুক্তভোগীয়ে দিয়া অভিযোগ অনুসৰি বিধায়ক নেগীয়ে মহিলাগৰাকীক যৌন নিৰ্যাতন চলাইছিল আৰু পিচত স্বামী-স্ত্ৰী দুয়োৱেই মহিলাগৰাকীক হত্যাৰ ভাবুকি দিয়ে ৷ উত্তৰাখণ্ড আৰক্ষীয়ে জনোৱা মতে, এই যৌন নিৰ্যাতনৰ গোচৰটো বৰ্তমান ডেৰাডুনৰ পৰা পুৰীৰ মহিলা আৰক্ষীলৈ হস্তান্তৰ কৰা হৈছে ৷

লগতে পঢ়ক :নিশা অভিজাত হোটেলত বিটিচি পাৰিষদৰ মাৰাথন বৈঠক

ABOUT THE AUTHOR

...view details